ধেমাজি : আন্তৰাষ্ট্ৰীয় যোগ দিৱস উপেলক্ষে ধেমাজি জিলাৰ গেৰুকামুখস্থিত নামনি সোৱণশিৰী জল বিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা যোগ শিবিৰত অংশগ্ৰহণ কৰিলে মূখ্যমন্ত্ৰী ড০ হিমম্ত বিশ্ব শৰ্মাই।সংস্কৃত শ্লোকেৰে মুখ্যমন্ত্ৰীয়ে ভাষণ আৰম্ভ কৰি কয় যে সমগ্ৰ বিশ্বই এতিয়া ভাৰতৰ যোগ সাধনাক স্বীকৃতি দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া যোগে বিশ্বজনীন ৰূপ পালে। যোগে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে। আমাৰ জীৱনৰ সৰ্বতোপ্ৰকাৰৰ উন্নতি সাধন কৰে যোগে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজীত, আদৰ্শত যোগ বিৰাজমান বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। ড্ৰাগছৰ ভয়াবহতাক এই চৰকাৰে কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যত ড্ৰাগছৰ বজাৰ শেষ কৰিবৰ বাবে চৰকাৰ দৃঢ় প্ৰতিজ্ঞ আৰু এতিয়ালৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ৫০ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিছে বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। যোগ সাধনা ড্ৰাগছৰ দৰে ভয়াবহতাৰ পৰা মুক্ত হোৱাৰ পথ বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

আৰু পঢ়কঃ ভতিজা বোৱাৰীক কোন গৰাকী সংখ্যালঘূ নেতাই দিলে অশ্লীল প্ৰস্তাৱ

সন্তানক সুস্থ আদৰ্শবান কৰি গঢ়ি তোলাৰ ক্ষেত্ৰত যোগৰ অৱদান অপৰিসীম বুলি মন্তব্য প্ৰকাশ কৰি অভিভাৱক সকলক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় যাতে সন্তানক প্ৰকৃত মানুহ কৰাৰ স্বাৰ্থত যোগ সাধনাক প্ৰাধান্য প্ৰদনা কৰক। নিয়মিত যোগাসন কৰাজনে ক’ভিডক জয় কৰিবলৈ সক্ষম হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। যোগ শিবিৰত সাংসদ প্ৰদান বৰুৱা, অসমৰ শিক্ষা মন্ত্ৰী ডা: ৰনোজ পেগু, চাহ জনজাতি কল্যাণ মন্ত্ৰী সঞ্জয় কিষাণ, বিধায় ক্ৰমে জয়ন্ত মল্ল বৰুৱা, নৱ কুমাৰ দলে, মানৱ ডেকা, ভূৱন পেগুকে আদি কৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply