যোৰহাটৰ পৰা ৰণজিৎ দত্তঃ আহোম ৰাজত্বৰ শেষৰ খন ৰাজধানী যোৰহাট ঐতিহাসিক সমলেৰে ভৰপুৰ যদিও ৰাজ্য চৰকাৰ আৰু দায়িত্ব ত থকা বিভাগৰ দায়িত্ব এৰা মনোভাৱৰ বাবে এই সমল সমূহ বিলুপ্তি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। পৰ্যটকসকলৰ আকৰ্ষণৰ পৰা বঞ্চিত হোৱাও দেখা গৈছে। জিলাখনত বহুকেইটা ঐতিহাসিক পুখুৰী আৰু ঐতিহাসিক পথৰ লগতে বহু সমলেৰে ভৰপুৰ হৈ আছে।
পৃথিৱীৰ বৃহত্তম নদী দ্বীপৰ লগত জলপথ যোৰহাট মাজুলীৰ সংযোগ নদী ঘাট নিমাতী আৰু স্থানীয় এলেকাৰ উপৰিও জিলাখনৰ উত্তৰ পশ্চিমে বহ্মপুত্ৰ নদী, স্থানীয় অঞ্চল সমূহত থকা আদ্ৰভূমিৰ-বিল,সৰু-বৰ পিটনি সমূহক সামৰি পৰ্যটকৰ আকৰ্ষণীয় কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ সমল আছে।
এই আদ্ৰভূমি সমূহলৈ প্ৰত্যেক বছৰেই বিদেশী পখীৰ আগমন হৈ স্থানীয় পখীকুলৰ লগ হৈ সুন্দৰ ৰম্যভূমিলৈ ৰূপান্তৰ কৰি চকুত লগা পৰিবেশ গঢ় লৈ উঠে।
এই সুন্দৰ পৰিবেশ চাবলৈ স্থানীয় লোকৰ পয়োভৰ হয় ডিচেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈ। এই অঞ্চলৰ পশ্চিমৰ ককিলামুখৰ পৰা পূবৰ জাঁজীমুখলৈকে ব্ৰহ্মপুত্ৰ নদীৰ পৰা ৰক্ষণাবেক্ষণ দি অহা বৰআলিটোৰ দুয়োপাৰে থকা আদ্ৰভূমি সমূহে প্ৰায় ২০০হেক্টৰ ভূমি আবৰি আছে।
৩৫০০টা আদ্ৰভূমিৰ অসমৰ ১০৯ ঠাই যোৰহাট জিলাখনতে আছে। সাধাৰণতে জলজ উদ্ভিদ মেটেকা, বিভিন্ন প্ৰজাতিৰ ভিন্ন ৰঙৰ ভেটফুল,পানী কলমৌৰ সমাহাৰে এই আদ্ৰভূমি সমূহ গঢ় লৈ উঠে।
লগতে পঢ়কঃ“INDIA BOOK OF RECORD” ত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ’ল অৰ্চনা দোলাকাষৰীয়াই
এই আদ্ৰভূমি সমূহে জৈৱ বৈচিত্ৰ্যৰ পূৰ্ণতা পাই আৰু অনুজীৱৰ পৰা বৃহৎ পখীলৈকে বিভিন্ন প্ৰাণীক এই আদ্ৰভূমি সমূহে আশ্ৰয় প্ৰদান কৰি আহিছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, গুৱাহাটীৰ দীপৰ বিল আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানলৈ যিমান প্ৰজাতিৰ পৰিভ্ৰমী পখীৰ আগমন ঘটে যোৰহাটৰ এই আদ্ৰভূমি সমূহলৈ সমান পৰিমাণৰ পখীৰ আগমণ ঘটে বুলি প্ৰকৃতিপ্ৰেমী সকলে দাবী কৰি অহা পৰিলক্ষিত হৈছে।
উত্তৰ-পূব যোৰহাটৰ এই আদ্ৰভূমি সমূহ সামৰি থকা ককিলামুখৰ শান্তি আশ্ৰমৰ বিল, নহটীয়া জান, খনা থান, টেটেলীটনা বিল, পটীয়া ফকলা বিল, নিমাতীৰ কদমনি বিল, লাওজান, চেঙামাৰী জলাশয়, বৰ বিল, দীঘলী বিল, জাজীমুখৰ মিছামাৰী আদিয়ে প্ৰধান।
কিন্তু এই বিল সমূহত এটা চক্ৰই বেদখল কৰি খেতি কৰি আহিছে। ইয়াৰ উপৰিও এটা দুষ্ট চক্ৰই পক্ষী হত্যা কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।
বিল সমূহত মাছ মাৰি থকাৰ ফলত পৰিভ্ৰমী পক্ষীৰো আগমণৰ সংখ্যা বহুখিনি কমি অহা বুলিও প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত এক সময়োপযোগী পদক্ষেপ লোৱাৰ অতি প্ৰয়োজন আছিল পৰ্যটন উদ্যোগৰ বাবে।