নিউজ ডেস্কঃ নলবাৰীত ৰাজ্যৰ ভিতৰতে আটাইতকৈ ওখ শিৱ মূৰ্তিৰ নিৰ্মাণ কাৰ্য চলি আছে। জানিব পৰা মতে, নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত বিশ্বৰ ভিতৰত এই মূৰ্তিটো উচ্চতাৰ দিশত হ’ব ষষ্ঠতম। প্ৰায় ৯১ ফুট উচ্চতাৰ এই শিৱ মূৰ্তিটোৰ নিৰ্মাণকাৰ্য নলবাৰী জিলাৰ খাৰজাৰা আশ্ৰমৰ সমীপতেই চলি আছে।

এই সুউচ্চ শিৱ মূৰ্তিটো নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ সহযোগত নিৰ্মাণ কৰি থকা হৈছে। অতি শীঘ্ৰে মূৰ্তিটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব। সেয়ে মূৰ্তিটো উন্মোচন আৰু লোকাৰ্পণৰ বাবে বিশেষ প্ৰস্তুতি চলাইছে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডে।

সোমবাৰে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ বিষয়ববীয়াসকলে এই সুউচ্চ মূৰ্তিটোৰ উদ্বোধন আৰু লোকাৰ্পণ কাৰ্যসূচী সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলত উপস্থিত থাকে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডৰ সভাপতি তথা প্ৰাক্তন বিধায়ক অশোক শৰ্মা, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা ব্যবস্থা প্ৰমুখ যজ্ঞেশ্বৰ গোস্বামী, বিশ্ব হিন্দু পৰিষদৰ নলবাৰী বিভাগৰ সম্পাদক অনুপ দাস আৰু শিৱ মূৰ্তি নিৰ্মাণৰ প্ৰধান খনিকৰ প্ৰদীপ পালৰ লগতে আন আন উদ্যোক্তাসকল ।

উল্লেখ্যযোগ্য যে, মহাশিৱৰাত্ৰিৰ দিনটোতে ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব এই বিশাল শিৱ মূৰ্তিটো । নলবাৰী চহৰৰ সমীপৰ খাৰজাৰা আশ্ৰমৰ নিচেই কাষতে নিৰ্মীয়মান এই মূৰ্তিটো প্ৰথম অৱস্থাত ৯১ ফুট নিৰ্মাণ কৰাৰ কথা নাছিল যদিও নিৰ্মাণৰ সময়ত ইয়াৰ উচ্চতা বৃদ্ধি কৰিবলগীয়া হয় ।আনহাতে, উদ্যোক্তাসকলে মহাদেৱৰ এই সুউচ্চ মূৰ্তিটো উন্মোচনৰ লগতে বিশালভাৱে মহাশিৱৰাত্ৰি আয়োজনৰ বাবে প্ৰস্তুতি চলাইছে। 

জানিব পৰা মতে, আৰ এছ এছ নেতা বশিষ্ঠ বুজৰবৰুৱাই আনুষ্ঠানিকভাৱে মুকলি কৰিবলগীয়া এই সুউচ্চ শিৱ মূৰ্তিটোত বৰ্তমানলৈকে ৩২ লাখ টকা খৰচ হৈছে। অৱশ্যে এতিয়াও ৬-৭ লাখ টকাৰ কাম বাকী থকাৰ কথাও সদৰি কৰিলে মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতি লিমিটেডে ।

ইতিমধ্যে, বিশাল শিৱ মূৰ্তিটোক লৈ নলবাৰীবাসীৰ মাজত এতিয়া ব্যাপক উচাহ দেখিবলৈ পোৱা গৈছে । বিভিন্ন স্থানৰ পৰা অহা ভক্তসকলে মূৰ্তিটো চাবলৈ ভিৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply