নিউজ ডেস্কঃ বৰ্তমান সময়ত বজাৰত বৃদ্ধি পাইছে মূল্যবৃদ্ধি। শাক-পাচলিৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ দৈনন্দিন জীৱনত ব্যৱহৃত সামগ্ৰীৰে এতিয়া জুই চাই দাম। তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে আজিৰ পৰা দেশৰ বিভিন্ন চহৰত কম দামত বিলাহী বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 

আজিৰ পৰা দিল্লী-এনচিআৰ, লক্ষ্ণৌ আৰু পাটনাৰ লগতে দেশৰ বহু কেইখন চহৰত বিলাহী বিক্ৰী কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা। যোৱা এমাহত দেশৰ যিবোৰ চহৰত বিলাহীৰ মূল্য অধিক হাৰত বৃদ্ধি পাইছিল সেই চহৰসমূহত National Cooperative Consumers Federationত ৯০ টকা প্ৰতি কিলোগ্ৰামত বিলাহী বিক্ৰী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। 

ট্ৰাকে ট্ৰাকে এই বিলাহী সমূহ পাইকাৰী আউটলেটসমূহলৈ প্ৰেৰণ কৰি বিক্ৰী আৰম্ভ কৰা হৈছে। লগতে মোবাইল ফেনৰ জৰিয়তেও এই বিলাহী বিক্ৰী কৰা হ’ব। অৱশ্যে গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰে বিলাহী বিক্ৰী কৰিব নে নকৰে এই বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই। 

উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ বজাৰসমূহত উপস্থিত হয় টাস্ক ফৰ্চে চলাই অভিযান। এই অভিযানৰ সময়ত একাংশ বিক্ৰেতাই টাস্ক ফৰ্চৰ নিৰ্দেশ মানিবলৈ অমান্তি হোৱাও পৰিলক্ষিত হৈছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply