নিউজ ডেস্কঃ গুৱাহাটী মহানগৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। ফাঁচী বজাৰস্থিত এখন হোটেলৰ কোঠাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহটো। জানিব পৰা মতে, স্বামীৰ সৈতে মহিলাগৰাকী যোৱা ১৪ জানুৱাৰীৰ পৰা ভাড়াত আছিল এখন হোটেলত। হোটেল ৰাজহংসৰ ২০৬ নং কোঠাত বুধবাৰে উদ্ধাৰ হয় এই মৃতদেহটো। মঙলবাৰে কোঠাটোৰ দুবাৰ নোখোলাত হোটেলখনৰ কৰ্মচাৰীয়ে প্ৰথমে সন্দেহ কৰে আৰু তাৰপাছত কোঠাটোৰ দুৱাৰখন খোলে। […]