নিউজ ডেস্কঃ ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ মাজতে সোমবাৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ উপস্থিত হয় ৰাছিয়াত। তেওঁ দুদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে পুটিনৰ দেশত।

জানিব পৰা মতে, ৰাছিয়াত মন্ত্ৰী এছ জয়শংকৰে দেশ খনৰ বৈদেশিক মন্ত্ৰী চাৰ্গেই লাভৰভৰ সৈতে দুয়োপক্ষৰ মাজত নিয়মীয়া উচ্চ পৰ্যায়ৰ আলোচনা কৰিব।

লগতে দুয়োপক্ষৰ মাজত হোৱা এই আলোচনাত দ্বিপাক্ষিক বিষয়সমূহ সামৰি লোৱা হ’ব আৰু বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় উন্নয়নৰ ওপৰত মত বিনিময় কৰা হ’ব।

এছ জয় শংকৰে ৰাছিয়ান ফেডাৰেচনৰ উপ-প্ৰধানমন্ত্ৰী আৰু বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী ডেনিছ মান্টুৰোভক সাক্ষাৎ কৰাৰ কথা আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply