গুৱাহাটী – চাঞ্চল্যকৰ এছ আই নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত অলকেশ বৈশ্যৰ জামিন আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখ্য যে অভিযুক্ত বৈশ্য হৈছে গণেশগুৰিস্থিত থেংক ইউ লজৰ স্বত্ত্বাধিকাৰী। এছ আই নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সৈতে জড়িত আছিল বৈশ্য।

অলকেশ বৈশ্যক অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই গোচৰ নং ১৩/২০২০ ৰ আধাৰত গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে, এই সমগ্ৰ কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড আৰক্ষী অধীক্ষক সঞ্জিৎ কৃষ্ণ, সৰোজ শৰ্মা আৰু জয়দীপ বৰুৱাকো আজি আদালতে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে সঞ্জিৎ কৃষ্ণক বিগত ১৬ অক্টোবৰত সৰোজ শৰ্মা আৰু জয়দীপ বৰুৱাৰ সৈতে ৫ দিনৰ বাবে চিআইডিয়ে নিজৰ জিম্মাত লৈছিল।

চিআইডিৰ জিম্মাৰ ম্যাদ শেষ হোৱাৰ বাবে আজি আদালতত তিনিওকে হাজিৰ কৰোৱা হৈছিল যদিও চিআইদিয়ে পুনৰ নিজৰ জিম্মাত ল’বলৈ নিবিচৰাৰ বাবেই সম্প্ৰতি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় তিনিওকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply