কেইবালাখ টকা মূল্যৰ অগৰু কাঠ জব্দ

হোজাই – হোজাই জিলাৰ নীলবাগানত কেবালাখ টকা মূল্যৰ সুগন্ধি অগৰু কাঠ জব্দ৷ নীলবাগানৰ এজন যুৱকৰ ঘৰৰ পৰা জব্দ সুগন্ধি অগৰু কাঠ। নীলবাগান আৰু হোজাই আৰক্ষীয়ে জব্দ কৰে সুগন্ধি অগৰু কাঠ।

হোজাই জিলাৰ নীলবাগানৰ নাজিৰ হুছেইন নামৰ এজন যুৱকৰ ঘৰৰ পৰা জব্দ হয় কেইবালাখ টকা মূল্যৰ অগৰু কাঠ। মঙলাবাৰে নীলবাগান আৰু হোজাই আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই যুৱক জনৰ ঘৰৰ পৰা জব্দ কৰে মূল্যবান সুগন্ধি অগৰু কাঠখিনি৷

হোজাই জিলা আৰক্ষী অধীক্ষক মানৱেন্দ্ৰ দেৱৰয়ৰ নিৰ্দেশ মতে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে অগৰু কাঠখিনি৷ জানিব পৰামতে, উজনি অসমৰ বিভিন্ন অঞ্চলৰ পৰা হোজাই জিলালৈ অনা হৈছিল অগৰু কাঠখিনি৷

নীলবাগান আৰু হোজাই থানাৰ আৰক্ষীয়ে যৌথভাবে অভিযান চলাই অগৰু কাঠখিনি জব্দ কৰি হোজাই থানালৈ লৈ যায়৷ জব্দ অগৰুখিনিৰ মূল্য কেইবালাখ টকা হ’ব বুলি জানিব পৰা গৈছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply