গুৱাহাটী বিশ্ববিদ্যালয়ত তীখৰ উদ্যান

গুৱাহাটী – গুৱাহাটী বিশ্ববিদ্যালয়ত তীখৰ উদ্যান। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত নিৰ্মাণ তীখৰ উদ্যান। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে উদ্যানখন মুকলি কৰে।

গুৱাহাটী বিশ্ববিদ্যালয়ত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত নিৰ্মাণ কৰা তীখৰ উদ্যানখন মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ প্ৰতাপ জ্যোতি সন্দিকৈয়ে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই উদ্যানখন মুকলি কৰাৰ কথা আছিল যদিও মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচী বাতিল কৰা বাবে উপাচাৰ্য গৰাকীয়ে উদ্যানখন মুকলি কৰে।

অসমত ২০১৬ চনত অনুষ্ঠিত হোৱা চাউথ এছিয়ান গেমচৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে ২ কৌতি টকা ব্যায় কৰি গেমচৰ শুভঙ্কৰ তীখৰৰ মূৰ্তিসহ এই উদ্যানখন নিৰ্মাণ কৰা হৈছে। উদ্যানখনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৌন্দৰ্য বৰ্ধন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

তীখৰ উদ্যানৰ মুকলি অনুষ্ঠানত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সচিব লক্ষ্য কোঁৱৰ, প্ৰবীণ ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মা, গিলবাৰ্ট চাংমা, তৈবুননেচা, অধ্যাপক ননীগোপাল মহন্তসহ বিভাগৰ বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply