নগাঁও আৰক্ষীয়ে জব্দ কৰিলে ৮ কোটি টকাৰ নিচাজাতীয় সমগ্রী

ধিং – নগাঁও আৰক্ষীয়ে জব্দ কৰিলে ৮ কোটি টকাৰ নিচাজাতীয় সমগ্রী। নগাঁও আৰক্ষীৰ সৰ্ববৃহৎ নিচাজাতীয় সমগ্রী বিৰোধী অভিযানৰ বিশেষ সাফল্যত জব্দ হৈছে হেৰ’ইন, আফিংৰ লগতে গাঞ্জা। সৰ্ববৃহৎ নিচাজাতীয় সমগ্রী বিৰোধী অভিযানত আৰক্ষীৰ জালত পৰিল তিনিজনকৈ সৰবৰাহকাৰী।

দেওবাৰে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এল মোহন মিনাৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত ধিংৰ সোনাৰীগাঁৱৰ হাবিল আলী নামৰ এজন লোকৰ ঘৰত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ নিচাজাতীয় সমগ্ৰী। আৰক্ষীৰ অভিযানত হাবিল আলীৰ ঘৰৰ পৰা জব্দ হয় ২ কিলোগ্ৰাম হিৰ’ইন, ৯.৭ গ্ৰামৰ আফিংৰ লগতে ১ কুইন্টল গাঞ্জা। নিচাজাতীয় সমগ্ৰী সৰবৰাহকাৰী হাবিল আলীৰ ঘৰৰ পৰা জব্দ হোৱা নিচাজাতীয় সমগ্রীখিনিৰ মূল্য প্ৰায় ৮ কোটি টকা হ’ব বুলি নগাঁও আৰক্ষীয়ে জনাবলৈ দিয়ে৷

নগাঁও আৰক্ষীয়ে বিগত কেইবাদিন ধৰি নিচাজাতীয় সমগ্ৰী সৰবৰাহৰ লগত জড়িত এটা বৃহৎ চক্ৰৰ ওপৰত চোকা দৃষ্টি ৰাখিছিল আৰু তাৰেই ফলশ্ৰুতিত আৰক্ষীয়ে দেওবাৰে হাবিল আলীৰ ঘৰত অভিযান চলাই নিচাজাতীয় সমগ্ৰীৰ বৃহৎ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয়৷ নগাঁও আৰক্ষীৰ এই নিচাজাতীয় সমগ্রী বিৰোধী অভিযানত মূল অভিযুক্ত হাবিল আলীৰ লগতে মফিদুল হক আৰু বাহাদুল আলম নামৰ অন্য দুজনজন নিচাজাতীয় সমগ্রী সৰবৰাহকাৰীকো আৰক্ষীয়ে আটক কৰে। আৰক্ষীয়ে হাবিল আলীৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় সমগ্ৰীৰ লগতে নগদ ৮ লাখ টকা আৰু দুখন বিলাসী বাহনো জব্দ কৰে৷

জানিব পৰা মতে পূৰ্বেও এই নিচাজাতীয় সৰবৰাহকাৰী চক্ৰটো আৰক্ষীৰ জালত পৰিছিল। অঞ্চলটোৰ স্থানীয় ৰাইজে নিচাজাতীয় সমগ্ৰীৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল যদিও ধিং আৰক্ষীৰ নাকৰ তলতে চলি থকা এই বৃহৎ নিচাজাতীয় সমগ্ৰীৰ বেহা ধিং আৰক্ষীৰ চকুত কিয় নপৰিল সেইয়া এক ডাঙৰ প্ৰশ্ন। দেওবাৰে নগাঁও আৰক্ষীৰ ধিংত হাবিল আলীৰ ঘৰত চলোৱা অভিযানক প্ৰশংসা কৰিছে ধিংবাসী ৰাইজে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply