নৱবর্ষৰ পূৰ্বে কঠোৰ হৈছে শিৱসাগৰ জিলা আৰক্ষী

শিৱসাগৰ – নৱবর্ষৰ পূৰ্বে কঠোৰ হৈছে শিৱসাগৰ জিলা আৰক্ষী। শিৱসাগৰ আৰক্ষীৰ সতৰ্কতা। সুৰাপান কৰি যান বাহন চলোৱা আৰোহীৰ বিৰুদ্ধে কঠোৰ আৰক্ষী ৷ ২৫ ডিচেম্বৰৰ নিশাৰ পৰাই সুৰাপান কৰি যান বাহন চলোৱা আৰোহীৰ বিৰুদ্ধে অভিযানত শিৱসাগৰ আৰক্ষী।

নৱবর্ষলৈ মাজত মাত্ৰ কেইটামান দিন। চলিত বছৰটোক বিদাই জনাই নৱবর্ষক আদৰৰ প্ৰস্তুতি ব্যস্ত সকলো। ইয়াৰ মাজতে কিছুমানে নৱবর্ষক আদৰি অনাৰ নামত মাতাল হৈ পৰে সুৰা ৰাগীত। সুৰা ৰাগীত মাতাল হৈ একাংশই তীব্ৰ বেগেৰে বাহন চলাই সন্মুখীন হ’বলগীয়া হয় দুৰ্ঘটনাৰ। সুৰাপান কৰি বাহন চলাই দুৰ্ঘটনাগ্ৰস্ত হৈ যাতে কোনো লোকে প্ৰাণ হেৰুৱাব লগা নহয় ইয়াৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে।

শিৱসাগৰ আৰক্ষীয়ে ২৫ ডিচেম্বৰৰ নিশাৰ পৰাই আৰম্ভ কৰিছে সুৰাপায়ী আৰোহী আৰু বাহন চালকৰ বিৰুদ্ধে অভিযান ৷ শিৱসাগৰৰ দলমূখ চাৰিআলিত শিৱসাগৰ যান বাহন আৰক্ষীয়ে নিশাৰ ভাগত তীব্ৰ কৰি তোলে এই অভিযান৷ মাউথ এনালাইজাৰৰ সহায়ত আৰক্ষীয়ে সুৰাপায়ীক চিনাক্ত কৰাত ব্যস্ত হৈ পৰে নিশাৰ ভাগত৷ সুৰাপান কৰা আৰোহী আৰু বাহন চালক চিনাক্ত হ’লেই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে শিৱসাগৰ যান বাহন আৰক্ষীয়ে৷

সুৰাপান কৰা আৰোহী আৰু বাহন চালকক থিতাতে শিৱসাগৰ যান বাহন শাখাৰ আৰক্ষীয়ে জৰিমনা বিহাৰ লগতে যান বাহন আইনৰ অধীনত কেইবাজনৰো বিৰুদ্ধে গোচৰ ৰুজু কৰে। শিৱসাগৰ আৰক্ষীয়ে জব্দও কৰে কেইবাখনো বাহন৷ সুৰাপান কৰি বাহন চলোৱাৰ বাবে সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিত্বত এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে শিৱসাগৰ আৰক্ষীয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply