নিউজ ডেস্ক-মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নিৰ্বাচনী খবৰে উত্তপ্ত কৰি তুলিছে বিশ্ব ।উৎকন্ঠিত বিশ্ববাসী।ভোট গণনাৰ আজি তৃতীয় দিন ।এই নিৰ্বাচনত আমেৰিকাৰ প্রাক্তন উপৰাষ্ট্ৰপতি তথা ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জ’ বাইডেন যথেষ্ট আগবাঢ়ি আছে।বাইডেনে ২৬৪টা ভোট লাভ কৰাৰ বিপৰীতে ড’নাল্ড ট্ৰাম্পে জয় লাভ কৰে ২১৪টা ভোট ।সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ প্ৰয়োজন ২৭০ টা ভোট ।
এই নিৰ্বাচনত প্রাৰ্থীত্বৰ শাৰীত আছে কেবাগৰাকী ভাৰতীয় মূলৰ লোকৰ ।বাইডেনৰ উপৰাষ্ট্ৰপতিৰ পদত আছে কমলা হাৰিছ ,প্ৰমিলা জয়পাল, এমি বেৰাৰ লগতে বহু কেবাগৰাকী লোকৰ ।
বৰ্তমানলৈকে আমেৰিকা নিৰ্বাচনত প্রাৰ্থীত্ব লাভ কৰা ইণ্ডো-আমেৰিকান লোকৰ তালিকাখন চাওঁ আহক –

ৰাজা কৃষ্ণমূৰ্তি – ভাৰতীয় মূলৰ ডেমক্ৰেটিক কংগ্ৰেছৰ নেতা ৰাজা কৃষ্ণমূৰ্তিয়ে একেৰাহে তৃতীয় বাৰৰ বাবে ইলিন’ইজৰ ৮ম কংগ্রেছী জিলাৰ পৰা মাৰ্কিন হাউছৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে।
৪৭ বছৰীয়া কৃষ্ণমূৰ্তিৰ জন্ম হৈছিল নতুন দিল্লীত আৰু তেওঁৰ পিতৃ-মাতৃ তামিলনাডুৰ।

প্ৰমিলা জয়পাল– প্ৰমিলা জয়পাল আমেৰিকান ৰাজনীতিবিদ ।চেন্নাইত জন্মগ্ৰহণ কৰা প্ৰমিলা জয়পালে ৱাচিংটনৰ সপ্তম কংগ্ৰেছী জিলাৰ পৰা পুনৰ বাৰ মাৰ্কিন হাউছৰ প্ৰতিনিধি হিচাপে মনোনীত হৈছে।
তেওঁ ইণ্ডো-ভাৰতীয় ডেম’ক্ৰেটিক আইন বিত্তীয় বিশ্লেষক লগতে ২০১৫-১০১৭লৈ ৱাছিংটনৰ চিনেটৰ সদস্য আছিল ।

জেনিফাৰ ৰাজকুমাৰ – জেনিফাৰ ৰাজকুমাৰ নিউয়ৰ্ক ৰাজ্য বিধানসভাৰ নিউয়ৰ্ক চহৰৰ ৩৮ তম বিধানসভা জিলালৈ নিৰ্বাচিত হোৱা প্ৰথম দক্ষিণ-এছিয়াৰ মহিলা।
জেনিফাৰৰ পিতৃ -মাতৃয়ে ভাৰতৰ পৰা মাৰ্কিন যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল। বৰ্তমান তেওঁলোক নিউয়ৰ্কৰ বাসিন্দা।

ৰ’ খান্না– ইণ্ডো-আমেৰিকান মূলৰ ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী হিচাপে ৰ’ খান্নাই পুনৰবাৰ কেলিফ’ৰ্ণিয়াৰ ১৭তম কংগ্ৰেছী জিলাৰ পৰা মাৰ্কিন হাউছলৈ নিৰ্বাচিত হৈছে।ফিলাডেলফিয়াত জন্ম গ্ৰহণ কৰা
ভাৰতীয় মূলৰ এই প্ৰাৰ্থী গৰাকীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ‘commerce Deputy Secretary’ পদত কাৰ্যনিৰ্বাহ কৰি আছিল ।

এমি বেৰা – US Congress r ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থীৰ পদত পুনৰ বাৰৰ বাবে প্ৰতিনিধিৰ দৌৰত জয় লাভ কৰে এমি বেৰাই । কেলিফ’ৰ্ণিয়াৰ ৭ম কংগ্ৰেছী জিলাৰ পৰা প্ৰতিনিধিত্ব কৰিছিল এমি বেৰাই।

নিৰজ এন্টনি – নিৰজ এন্টনি অহিঅ’ ৰ চিনেটলৈ প্ৰতিনিধিত্ব কৰা প্ৰথম গৰাকী ভাৰতীয় মূলৰ লোক ।২৯ বছৰ বয়সীয়া নিৰজ এন্টনীয়ে ডেম’ক্ৰেটিক দলৰ মাৰ্ক ফ’গেলৰ লগত প্ৰতিদ্বন্দিতা কৰিছিল।