গুৱাহাটী – শেহতীয়া ক’ভিড পৰিস্থিতিৰ গইনা লৈয়েই মেঘালয়ত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই অসমৰ লোক তথা যানবাহন। ইয়াক লৈ মেঘালয় চৰকাৰ-প্ৰশাসনৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আছু, কৃষক মুক্তি, আমছু, এবছুকে ধৰি অসমৰ ৪০ টাকৈ দল-সংগঠন ৷

এই দল সংগঠনসমূহে মেঘালয় চৰকাৰ-প্ৰশাসনক তিনিদিনৰ সময়সীমা বান্ধি দিছে। এই তিনিদিনৰ ভিতৰত মেঘালয়ত প্ৰৱেশৰ অনুমতি নিদিলে অর্থনৈতিক পথ অৱৰোধ কৰাৰ হুংকাৰ দিছে অসমৰ সংগঠনকেইটাই ৷

উল্লেখ্য যে সমগ্ৰ দেশতে আনল’ক প্ৰক্ৰিয়াৰ জৰিয়তে ইতিমধ্যে আন্তঃৰাজ্যিক যাতায়াতৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে যদিও মেঘালয় চৰকাৰে অসমৰ সকলো ধৰণৰ যানবাহন মেঘালয়ত প্ৰৱেশৰ ক্ষেত্ৰত এতিয়াও বাধা নিষেধ আৰোপ কৰি ৰাখিছে ৷

ইয়াৰ ফলত জিলাখনৰ দুধনৈ, কৃষ্ণাই, দৰংগিৰি, ধূপধৰা তথা অসম-মেঘালয় সীমান্তৱর্তী পথেৰে অহা যোৱা কৰা যাত্ৰীবাহী বাহনসমূহৰ উপৰি ব্যবসায়ীসকলে যথেষ্ট সমস্যাৰ সমূখীন হ’বলগীয়া হৈছে৷

এই সন্দৰ্ভত দুধনৈ টেক্সী সন্থাৰ আহ্বানমৰ্মে শুকুৰবাৰে দুধনৈ জনমন্দিৰ প্ৰাঙ্গণ ভৱনত এখন সভা অনুষ্ঠিত হয় ৷ সভাত কেবাটাও ছাত্ৰ সংগঠনসহ চল্লিশটাকৈ সংগঠন একত্ৰিত হৈ মেঘালয় চৰকাৰ-প্ৰশাসনক আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত যদি আন্তঃৰাজ্যিক যাতায়াত সমস্যাৰ সমাধান নকৰে তেন্তে মেঘালয়ৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ সকিয়নী প্ৰদান কৰে ।

এই সমস্যা সন্দৰ্ভত কেবাটাও সংগঠনে ইতিমধ্যে স্মাৰক পত্ৰ গোৱালপাৰা জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছিল। কিন্তু মেঘালয় তথা অসম চৰকাৰে এই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো সঁহাৰি নিদিয়া বুলি সভাত গুৰুতৰ অভিযোগ উত্থাপন হয়।

চৰকাৰে এই সমস্যা সমাধান নকৰাত ক্ষোভ প্ৰকাশ কৰে সদৌ গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ উপৰি জিলা বাঙালী ফেডাৰেচন, আমছু, এবছু সহ ৪০টাকৈ সংগঠনে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply