মৰিগাঁও: প্ৰধানমন্ত্ৰীয়ে শিৱসাগৰৰ জেৰেঙা পথাৰত ৰাজ্যৰ খিলঞ্জীয়া ভূমিহীনসকলক ভূমি পট্টা প্ৰদানৰ কায্যসূচী আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰাৰ পিছতে ৰাজ্যৰ অন্যান্য জিলাৰ লগতে মৰিগাঁৱতো ভূমিহীনক পট্টা প্ৰদান কৰা হয় |
মৰিগাঁও জিলা ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মৰিগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনৰ ১২ বজাৰ পৰা জিলাখনৰ ভূমিহীনক ভূমিপট্টা প্ৰদান কৰা হয়।
মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অজিত শৰ্মাই আঁত ধৰা অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও জিলাৰ উপায়ুক্ত লীনা দাস , আৰক্ষী অধীক্ষক ডঃ নন্দ সিং বৰকলা, অতিৰিক্ত উপায়ুক্ত ৰমি বৰুৱা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষিটিছ পেগু , মৰিগাঁও ৰাজহ চক্ৰ বিষয়া মুনমী কলিতা আদি বিশিষ্ট ব্যক্তি সকল। আজিৰ এই অনুষ্ঠানত মৰিগাঁও জিলাৰ পাঁচটা ৰাজহ চক্ৰৰ অধীনৰ ২৫১৮ গৰাকী ভূমিহীনক পট্টা প্ৰদান কৰা হয় |