গুৱাহাটী – ৰূপজ্যোতি কূৰ্মীৰ পিছত এইবাৰ কংগ্ৰেছৰ অসম প্ৰদেশৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙেও উভতি ধৰিছে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক। এইবাৰ শ্বেৰমান সন্দৰ্ভত মুখ খুলিছে মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ শ্বেৰমান আলীয়ে মিঞা মিউজিয়াম স্থাপনৰ দাবী জনোৱাত সৃষ্টি হোৱা বিতর্ক বিজেপিৰ সৃষ্টি বুলি উল্লেখ কৰিছিল অসমৰ তত্ত্বাৱধায়ক কংগ্রেছ নেতা জিতেন্দ্র সিঙে।

সিংৰ এই মন্তব্যত জাঙুৰ খাই উঠিছে মন্ত্রী হিমন্ত বিশ্ব শর্মা৷ তেওঁ কয় যে যদি শ্বেৰমান আলী বিজেপিৰ এজেণ্ট, তেন্তে কংগ্রেছে বহিষ্কাৰ কৰক৷

ছোনিয়া গান্ধীয়ে বিজেপিৰ এজেণ্ট এজনক কংগ্রেছত ৰাখি থ’বৰ বাবে জিতেন্দ্র সিঙক অসমলৈ পঠিয়াইছে নেকি বুলি প্রশ্ন কৰে মন্ত্রী ড. শর্মাই৷ যদি শ্বেৰমানক ২৪ ঘণ্টাৰ পাছত দলৰ পৰা বহিষ্কাৰ কৰিব নোৱাৰে তেন্তে বুজিব লাগিব তেওঁলোকে এটা উদ্দেশ্য লৈ কাম কৰিছিল, ৰাইজৰ প্রচণ্ড প্রতিবাদত তিষ্ঠিব নোৱাৰিলে৷ মন্ত্রী ড. শর্মাই পুনৰ কয় যে শ্বেৰমান জে’ললৈ যাবই৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply