চিৰাং – চিৰাং জিলাৰ বিজনীৰ থুৰিবাৰী সমষ্টিত ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োৱে কালি ১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ নিজ দলৰ প্ৰাৰ্থী আবুছায়েদ আনছাৰীৰ হৈ প্ৰচাৰ চলায়। প্ৰমোদ বড়োৰ উপস্থিতিত ৰাতিপুৱা দহ বজাত বিজনীৰ ছাতিয়ানগুৰিস্থিত থুৰিবাৰী ব্লক ইউপিপিএল কাৰ্যালয়ত বিভিন্ন দলৰ ১৬৪ জন লোকে ইউপিপিএলত যোগদান কৰে। নতুনকৈ যোগদান কৰা লোক সকলক আদৰণি জনায় দলৰ সভাপতি প্ৰমোদ বড়োৱে।

তেওঁ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত একো নাজানো বুলি সংবাদ মাধ্যমক জনোৱাৰ লগতে কয় যে, বিগত ১৭ বছৰে বিটিচিত যিদৰে বৃহৎ কেলেংকাৰী, দুৰ্নীতি আদি কৰিলে তাৰ বাবে কোনেও একো কৰিব নালাগে । বিটিআৰৰ ৰাইজে হাগ্ৰামাৰ সংগ এৰিছে । বিগত সময়ত কৰা ভুলৰ বাবেই হাগ্ৰামা মহিলাৰী নিজেই একাষৰীয়া হ’বলৈ গৈ আছে । অহা নিৰ্বাচনত নিশ্চিহ্ন হ’ব বিপিএফ দল ।

বিটিআৰৰ বিৰুদ্ধে আন্দোলন কৰা জিএচপিয়ে বিগত সময়ত ৰাইজক দিয়া প্ৰতিশ্ৰুতি মতে কোনো কাম নকৰাৰ বাবে বিটিআৰ হোৱাৰ পিচত শংকাত ভূগিছে । এতিয়া তেওঁলোকৰ ৰাজনীতি শেষ হ’ব সেয়া নিশ্চিত বুলিও কয় প্ৰমোদ বড়োই । ইয়াৰ পিছতে থুৰিবাৰী সমষ্টিৰ বেতবাৰীত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰমোদ বড়োৱে । ইয়াৰ পিছতে মানাস সেৰফাং পৰিষদীয় সমষ্টীৰ অন্তৰ্গত ২ নং বিষ্ণুপুৰত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰমোদ বড়োৱে ।

বিয়লি ৩ বজাত বিজনী চহৰৰ আম্বেদকাৰ ভৱনৰ প্ৰেক্ষাগৃহত ইউপিপিএল দলে আয়োজন কৰা নাগৰিক সভাতো অংশগ্ৰহণ কৰে প্ৰমোদ বড়োৱে । নাগৰিক সভাত অংশগ্ৰহণ কৰা সকলো জাতি জনগোষ্ঠীৰ পৰা অহা বৃদ্ধ, জ্যেষ্ঠ, শিক্ষাবিদ, বুদ্ধিজীৱি আদি লোকক বিটিআৰ চুক্তিৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়াই কয় যে, বিটিআৰত এতিয়া স্থায়ীভাৱে শান্তি প্ৰতিষ্ঠা হ’ব । বিপিএফ দলৰ দীৰ্ঘদিনীয়া দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন আদিৰ পৰা মুক্তি বিচাৰি ইউপিপিএল দলক সকলো জাতি জনগোষ্ঠীৰ লোকে সমৰ্থন কৰি যোগদান কৰি আছে । গতিকে এইবাৰ নিৰ্বাচনত বিটিআৰত ইউপিপিএলৰ দখলত থাকিব সেয়া নিশ্চিত ।

আনহাতে, ৰোমিঅ পি ব্ৰহ্ম, এবছুৰ কেন্দ্ৰীয় সম্পাদক ফণিণ বড়ো, মইনুল হক, নজৰুল ইচলাম, মুজিব আলী, হোমোপ্ৰসাদ শৰ্মা সহ বহু সংখ্যক লোকে আজি বিজনীৰ চাৰি ঠাইত অনুষ্ঠিত ইউ পিপিএল দলৰ সভাত উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply