নিউজ ডেস্ক- চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ। তাৰ মাজতে বিলাসীপাৰালৈ সু-খবৰ কঢ়িয়াই আনিছে ছয় গৰাকী শিশু নৃত্য শিল্পীয়ে।

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ মনোৰঞ্জনধৰ্মী টি ভি চেনেল এণ্ড টিভিত সম্প্ৰচাৰ হ’বলগীয়া টেলেন্ট ফাইট চিজন-2 নামৰ বিশেষ এই নৃত্য প্ৰতিযোগিতা লৈ বাচনি হৈছে সাপটগ্ৰাম পলি ডান্স একাডেমীৰ ছয়গৰাকী কৈ শিক্ষাৰ্থী।

একাডেমী খনৰ প্ৰশিক্ষক ৰাজীৱ দাসৰ তৎপৰতাত এণ্ড টি ভিৰ অডিচনত বাচনি হৈছে – শঙ্কৰ কৰ্মকাৰ,  মম্পা ভৌমিক,  মাছুম ৰাজা,  এহেম আগৰৱালা, চান দত্ত আৰু দীপাংশু মণ্ডল।

  এই ছয় গৰাকী নৃত্য শিল্পী অহা ২০ মাৰ্চত উত্তৰ প্ৰদেশ ৰাজ্যৰ ডেৰাদুনত উপস্থিত হ’ব | 

আৰু পঢ়কঃ গোলাঘাটত নৃশংস হত্যাকাণ্ড, পত্নীয়ে হত্যা কৰিলে স্বামীক

 সৰ্বভাৰতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতা খনত অংশ গ্ৰহণ কৰাৰ সুযোগ লাভ কৰাৰ বাবে উলাহে নধৰা হৈছে তেওঁলোকৰ পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসী ৰাইজ।

এতিয়া মাথোঁ ৰাজ্যবাসীৰ পূৰ্ণ সহযোগ কামনা কৰিছে শিশুকেইটাৰ পৰিয়ালৰ লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply