গুৱাহাটী – অসমৰ স্বাস্থ্য, বিত্ত আৰু শিক্ষামন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰে যে অসমে শীঘ্ৰেই আৰু ১৬ খনকৈ উৰণীয়া সেঁতু লাভ কৰিব। ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৬ খন উৰণীয়া সেঁতুৰ কাম কৰি আছে। আজি গণেশগুৰিৰ সংযোগী উৰণীয়া সেঁতু মুকলি অনুষ্ঠানত উপস্থিত থাকি ড. শৰ্মাই কয় যে গুৱাহাটীত আৰু দুখন উৰণীয়া সেঁতুৰ কাম চলি আছে। আৰু শীঘ্ৰেই সেয়াও সম্পন্ন হৈ উঠিব।

ড. শৰ্মাই কয়, “আমি অতিকৈ সুখী যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৬ খনকৈ উৰণীয়া সেঁতুৰ কাম চলি আছে। গুৱাহাটীতে মালিগাওঁ আৰু ছুপাৰমাৰ্কেটত দুখন উৰণীয়া সেঁতু নিৰ্মাণৰ কাম চলি আছে। আশা কৰো আমি নিৰ্ধাৰিত সময়ৰ ভিতৰতে এই দুখন উৰণীয়া সেঁতুৰ কাম সম্পন্ন কৰিবলৈ সক্ষম হ’ম। ছুপাৰমাৰ্কেটৰ সেঁতুখন ১ ব’হাগত সম্পূৰ্ণ কৰি তোলা হ’ব।”

তেওঁ লগতে কয় যে ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত নখন ফুট অভাৰব্ৰীজ নিৰ্মাণ কৰি উলিওৱা হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply