উন্মাদ যুৱকৰ আক্ৰমনৰ বলী সাংবাদিক

গুৱাহাটী- গুৱাহাটী মেডিকেল কলেজ হাস্পতাল চৌহদত পংকজ বৈশ্য নামৰ এজন উন্মাদ লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰে এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সাংবাদিক আফনুৰ আলীক। বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে সাংবাদিকগৰাকী।

নৱ বিবাহিতা পত্নীক সন্ধিয়া কৰ্মস্থলী জি এম চি এইচৰ পৰা আনিবলৈ যাওঁতে হঠাৎ আফনুৰে দেখিলে এগৰাকী নাৰ্ছক এজন উন্মাদ যুৱকে ডেগাৰে ঘপিয়াইছে। যুৱতীগৰাকীয়ে চিঞৰিছে সহায়ৰ বাবে। আফনুৰে উন্মাদ যুৱকজনৰ কবলৰ পৰা যুৱতীগৰাকীক বচাবলৈ যাওঁতেই উন্মাদ যুৱকজনে আফনুৰকো আক্ৰমণ কৰে।

উন্মাদ যুৱক জনৰ দাৰ ঘাপত সাংবাদিক আফনুৰৰ মুখমণ্ডলত যথেষ্ট পৰিমানে আঘাত হয় | মুখমণ্ডলত ৩৪টা চিলাই লৈ বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে। সাংবাদিক জনৰ লগতে উন্মাদ যুৱক জনৰ ডেগাৰৰ আঘাতত আহত হৈ আছে যুৱতীগৰাকীও। দুৰ্বৃত্তৰূপী পংকজ বৈশ্যক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আফনুৰ আলীৰ সাহসিকতাৰ শলাগ লৈছে সকলোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply