কৃষি আইনৰ বিৰুদ্ধে ৰকিবুল হুছেইনৰ প্ৰতিবাদ

চামগুৰি – কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে সৰৱ চামগুৰি সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক ৰকিবুল হুছেইন। চামগুৰিৰ তেলিয়া-হয়বৰগাঁৱৰ পথাৰত একাংশ কৃষকৰ সৈতে মঙলবাৰে পুৱাৰ ভাগত সন্মিলিতহৈ কৃষি আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল বিধায়ক ৰকিবুল হুছেইনক।

দেশজুৰি কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰা কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ। দেশৰ ৰাজধানী দিল্লীত কৃষক সকলৰ তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে মঙলবাৰে কৃষক সকলে আহ্বান জনায় ভাৰত বন্ধৰ। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ভাৰত বন্ধৰ ব্যাপক প্ৰভাৱ প্ৰিলক্ষিত হয়। নগাঁও জিলাত বিভিন্ন প্ৰান্তত ভাৰত বন্ধৰ প্ৰতি ৰাইজে সমৰ্থন জনাই সকলো দোকান-পোহৰ বন্ধ ৰাখে।

ইফালে জিলাখনৰ চামগুৰিৰ বাজিয়াগাঁও মণ্ডল কংগ্ৰেছৰ উদ্যোগ কৃষি আইনৰ বিৰুদ্ধে অনুষ্ঠিত হয় এক প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি চামগুৰিৰ কংগ্ৰেছ বিধায়ক ৰকিবুল হুছেইনে কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান প্ৰদান কৰাৰ লগতে তিনিখনকৈ কৃষি আইন প্ৰৱৰ্তন কৰা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক কৃষক বিৰোধী নীতি বুলি অভিহিত কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।

প্ৰতিবাদকাৰী কংগ্ৰেছ কর্মী সকলৰ লগতে কৃষক সকলে তেলিয়া-হয়বৰগাঁৱৰ পথাৰত দুজনকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰতিমূৰ্তিও দাহ কৰে। প্ৰতিবাদৰ অন্তত বিধায়ক ৰকিবুল হুছেইনে প্ৰতিবাদস্থলীৰ সমীপতে পথাৰৰ আলিত অৱস্থান কৰি একাংশ কৃষকৰ সৈতে পুৱা জলপান গ্ৰহণ কৰাৰ উপৰিও বিধায়ক গৰাকীয়ে কৃষক ৰাইজে সম্প্ৰতি ভোগ কৰিব লগীয়া হোৱা সমস্যা সমুহৰ সন্দৰ্ভত আলাপ-আলোচনা কৰা পৰিলক্ষিত হয়।

উল্লেখযোগ্য যে, কেন্দ্ৰৰ কৃষি আইনৰ বিৰোধীতাৰে কেইবাটাও সংগঠনে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ পুৱাৰে পৰা বৃহত্তৰ চামগুৰি আৰু পুৰণিগুদাম অঞ্চলত মিশ্ৰিত ৰূপত পৰা দেখিবলৈ পোৱা যায় মঙলবাৰে পুৱাৰ ভাগত। চামগুৰিৰ লগতে নগাঁও জিলাৰ জুৰীয়াত ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হয়। কৃষি আইন বাতিলৰ দাবীত জুৰীয়াত কৃষক সকলে ৰাজপথত এক প্ৰতিবাদী পদযাত্ৰা উলিয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply