ডবকাত ৰাইজৰ দলৰ সভাত উত্তেজনা

ডবকা – ডবকাত ৰাইজৰ দলৰ সভাত উত্তেজনা। ৰাইজৰ দলৰ দিলোৱাৰা চৌধুৰীৰ সভাত একাংশ ৰাইজে চকী দলিয়াই, চকী ভাঙি ক্ষোভ প্ৰকাশ কৰে৷ ধন দিম বুলি সভাত একাংশ লোকক মাতি ধন নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।

বুধবাৰে হোজাই জিলাৰ ডবকাত ৰাইজৰ দলৰ এক সভাত উত্তেজনাৰ সৃষ্টি হয়। দিলোৱাৰা চৌধুৰী নামৰ ৰাইজৰ দলৰ এগৰাকী নেতাৰ সভাত ৰাইজ উত্তেজিত হৈ পৰে। উত্তেজিত ৰাইজে সভাত চকী দলিয়াই, চকী ভাঙি ক্ষোভ প্ৰকাশ কৰে।

সভাৰ অন্তত ৰাইজে কিয় ক্ষোভ প্ৰকাশ কৰিলে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও ধন দিব বুলি সভাত মানুহ মাতি ধন নিদিয়াত এইদৰে একাংশ ৰাইজে উত্তেজনাৰ সৃষ্টি কৰিছে বুলি অভিযোগ উত্থাপন হৈছে।

আনহাতে সভাত খাদ্য সামগ্ৰী বিলোৱাক কেন্দ্ৰ কৰিও উত্তেজনাৰ সৃষ্টি হোৱা বুলি একাংশই মন্তব্য কৰিছে৷ অৱশ্যে দিলোৱাৰা চৌধুৰী সভাস্থলীৰ পৰা যোৱাৰ পিছতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে বুধবাৰে নিজ ডবকা গাঁও পঞ্চায়তত ৰাইজৰ দলৰ নেত্ৰী দিলোৱাৰা চৌধুৰীৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। উক্ত সভাতে ৰাইজ ক্ষোভিত হৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply