পুৰণিগুদামত দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে বাইক আৰোহীক

নগাঁও – নগাঁও জিলাৰ পুৰণিগুদামত শোকাবহ পথ দুৰ্ঘটনা। দ্ৰুতবেগী ডাম্পাৰে মহতিয়ালে এজন বাইক আৰোহীক। থিতাতে নিহত বাইক আৰোহী মকবুল হুছেইন।

নগাঁৱৰ পুৰণিগুদামৰ ন’আলিমুৰত সোমবাৰে দুপৰীয়া সংঘটিৰ হয় এক শোকাবহ পথ দুৰ্ঘটনা। বৰ মছজিদৰ সন্মুখত দ্ৰুতবেগী ডাম্পাৰে এজন বাইক আৰোহীক মহতিয়াই নিয়াত থিতাতে নিহত হয় বাইক আৰোহী জন। নিহত বাইক আৰোহী জন মকবুল হুছেইন বুলি চিনাক্ত কৰা হৈছে। মকবুল হুছেইন চামগুৰিৰ ভগামুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে।

এএছ-০১-ডিডি-১৫০২ নম্বৰৰ ডাম্পাৰ চালক জন দুৰ্ঘটনা সংঘটিত কৰি পথৰ ওপৰতে ডাম্পাৰ এৰি পলায়ন কৰে। ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী উপস্থিত হৈ বাইক আৰোহী জনৰ মৃতদেহ উদ্ধাৰ কৰে। দুর্ঘটনৰ পিছতে ৰাজপথৰ ওপৰত তীব্ৰ যানজঁটৰ সৃষ্টি হোৱা পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply