যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

বিহপুৰীয়া – বিশিষ্ট নাট্যকাৰ পৰিচালক সেৱাব্ৰত বৰুৱাৰ মৃত্যু। ভ্ৰাম্যমান নাট্যজগতত বহুকেইখন কালজয়ী নাটকৰ ৰচয়িতা আছিল সেৱাব্ৰত বৰুৱা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে নাট্যকাৰ গৰাকীয়ে।

বিশিষ্ট নাট্যকাৰ পৰিচালক সেৱাব্ৰত বৰুৱাৰ মৃত্যু৷ দেওবাৰে পুৱা ৫.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট নাট্যকাৰ গৰাকীয়ে। বিগত কিছুদিন ধৰি বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন হৈ আছিল নাট্যকাৰ পৰিচালক গৰাকী।

বহু কালজয়ী নাটকৰ স্ৰষ্টা সেৱাব্ৰত বৰুৱাৰ মৃত্যুুত জন্মস্থান বিহপুৰীয়াৰ লগতে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। অসমৰ ভ্ৰাম্যমান জগতত সেৱাব্ৰত বৰুৱাই বহুকেইখন কালজয়ী নাটকৰ উপহাৰ দিছিল। মৃত্যুৰ সময়ত তেওঁ পত্নী, একমাত্ৰ পুত্ৰ আৰু দুই কন্যা তথা পৰিয়াল স্বজনক এৰি থৈ যায়৷

সেৱাব্ৰত বৰুৱাৰ মৃত্যুুত বিহপুৰীয়া সন্মিলিত নাট্য সমাজ, বিহপুৰীয়া প্ৰেছ ক্লাব, বিহপুৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, বিহপুৰীয়া শাখা সাহিত্য সভা, বিহপুৰীয়া ক্লাব, বিহপুৰীয়া বিজ্ঞান সমিতি আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ শোক প্ৰকাশ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট নাট্যকাৰ পৰিচালক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply