বৰপেটা – সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হৈছে কভিড ভেকচিনৰ ড্ৰাই ৰাণ৷ ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে বৰপেটা জিলাতো কভিড ভেকচিনৰ ড্ৰাই ৰাণ কৰা হয়৷ বৰপেটা মেডিকেল কলেজত কভিড ভেকচিনৰ ড্ৰাই ৰাণত বৰপেটাৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডাঃ প্ৰমথেশ শৰ্মা, ডাঃ ৰাজীৱ বৰবৰা, ডাঃ সুৰেশ শৰ্মা, ডাঃ হৰিষাদিত্য দাস, ইউনিচীফৰ কনচালটেন্ট অভিজিত বসু আদিয়ে অংশগ্ৰহন কৰে৷

কভিড মহামাৰীয়ে সমগ্ৰ মানৱ জাতিৰ প্ৰতি কঢ়িয়াই অনা ভয়াৱহতাক জয় কৰি মানুহক কভিডৰ পৰা মুক্ত কৰাৰ বাবে সমগ্ৰ বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলে চলাই থকা নিৰন্তৰ প্ৰয়াসৰ ফলস্বৰূপে ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশে কভিড ভেকচিন উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে৷ ভাৰততো প্ৰায় ৫ বিধ কভিড ভেকচিনক লৈ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ অন্তত ইতিমধ্যে সমগ্ৰ দেশত ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ উক্ত প্ৰক্ৰিয়াৰ অংশ হিচাপেই ৰাজ্যৰ নিৰ্বাচিত একাংশ চিকিৎসালয়ত কভিড ভেকচিনৰ ড্ৰাই ৰাণ অনুষ্ঠিত হৈছে৷

বৰপেটা মেডিকেল কলেজৰ লগতে বৰপেটা ৰোড এফ আৰ ইউ হস্পিতাল আৰু বৰপেটাৰ সঞ্জীৱনী হস্পিতালতো কভিড ভেকচিনৰ ড্ৰাই ৰাণ কৰা হয়৷ মুলতঃ কভিড ভেকচিন ল’বলৈ অহা লোকসকলক কিদৰে কভিড ভেকচিন প্ৰদান কৰা হ’ব, ভেকচিন প্ৰদানৰ পিছত লোকজনক কিদৰে আধাঘন্টা সময়লৈকে নীৰিক্ষণত ৰাখিব লাগিব সেই সম্পৰ্কে একপ্ৰকাৰ মকড্ৰিল চলোৱা হয়৷

বৰপেটাৰ মুখ্য স্বাস্থ্য বিষয়াই জনোৱা মতে মুখ্যত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, কভিডৰ সৈতে সম্পৰ্কিত লোক আৰু ৫০ উৰ্ধৰ লোকসকলক প্ৰথমতে কভিড ভেকচিন প্ৰদান কৰা হ’ব৷ বৰপেটাত ভেকচিন প্ৰদানৰ বাবে স্বাস্থ্য বিভাগে ইতিমধ্যে মেডিকেল টীম সাজু কৰি তুলিছে আৰু এইক্ষেত্ৰত আৰক্ষীৰো সহায় ল’ব বুলি জানিবলৈ দিয়ে বৰপেটাৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া গৰাকীয়ে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply