মৰাণ স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ ধৰ্মেন্দ্ৰ নেওগ Credit: ইষ্ট ম'জ'

তিনিচুকীয়া- ৰাজ্য চৰকাৰে মৰাণ-মটক স্বায়ত্বশাসিত পৰিষদ গঠন কৰিছে। গঠন কৰিলে স্বায়ত্বশাসিত পৰিষদ। ধৰ্মেন্দ্ৰ নেওগক মৰাণ স্বায়ত্ব পৰিষদৰ অধ্যক্ষ আৰু দিপন মৰাণক মুখ্য কাৰ্যবাহী সদস্য, তৰুণ মাধব মৰাণক উপাধ্যক্ষ, দেবেশ্বৰ মৰাণক উপ মুখ্য কাৰ্যবাহী ৰূপে মনোনীত কৰিছে।

প্ৰকাশিত তালিকা মতে মৰাণ জনগোষ্ঠীয় সংগঠন মৰাণ সভা, মৰাণ ছাত্ৰ সন্থা , মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ শৈক্ষিক বিকাশ পৰিষদ, মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ আদিকে ধৰি বহুকেইটা সংগঠনৰ প্ৰতিনিধি অন্তভুক্ত কৰা হৈছে স্বায়ত্বশাসিত পৰিষদৰ কমিটিত ।

আনহাতে মটক জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে অন্তৰ্ৱতীকালীন ভাবে মটক স্বায়ত্বশাসিত পৰিষদ ঘোষণা কৰে | সৰোজ গোহাঁইক পৰিষদৰ অধ্যক্ষ, দেৱঋষি চেতিয়াক উপাধ্যক্ষ হিচাবে দায়িত্ব দিয়া হৈছে | ডিব্ৰুগড়ৰ ডেভিড চেতীয়াক মুখ্য কাৰ্যবাহী সদস্য হিচাপে মনোনিত কৰে | দুয়োটা জনগোষ্ঠীয়ে তেওলোকৰ দাবী কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে নৱনিৰ্বাচিত সদস্যসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply