চিৰাং – এইবাৰ হাতী দাঁতসহ জালত পৰিল এন ডি এফ বিৰ সদস্য। চিৰাংত আৰক্ষীৰ অভিযানত হাতী দাঁত আৰু মাৰণাস্ত্ৰসহ ৰঞ্জন দৈমাৰী গোটৰ এন ডি এফ বিৰ এজন সদস্য গ্ৰেপ্তাৰ।
হাতী দাঁতৰ সৰবৰাহৰ ঘটিত পৰিণত হৈছে চিৰাং জিলা। জিলাখনত হাতী দাঁত সৰবৰাহৰ লগত জড়িত কেইবাজনো সৰবৰাহকাৰী আৰক্ষী আৰু বন বিভাগৰ জালত পৰাৰ পিছত এইবাৰ হাতী দাঁতসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এজন এন ডি এফ বিৰ সদস্যক। ধৃত এন ডি এফ বিৰ সদস্যজন ৰঞ্জন দৈমাৰী গোটৰ সদস্য বুলি জানিব পৰা গৈছে।
শুকুৰবাৰে নিশা চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত দুলিগাঁও হাদানপাৰাত চিদলী থানাৰ আৰক্ষী আৰু ৩৮ নং বেটেলিয়নৰ এচ এচ বিয়ে যৌথ অভিযান চলাই এটা হাতীৰ দাঁত আৰু ১০৫ টাকৈ গুলীসহ এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ এজন সদস্য গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জানিবলৈ দিয়ে যে গ্ৰেপ্তাৰ সদস্যজন জনেন নাৰ্জাৰী ওৰফে জেব্ৰা।
জনেন নাৰ্জাৰী ওৰফে জেব্ৰাৰ ঘৰত আৰক্ষীয়ে তালাচি চলাই একে ৪৭ৰ ৯৫ টা গুলী, ৰাইফলৰ ৯ টা গুলী আৰু ৭.৬৫ পিষ্টলৰ ১ টা গুলীৰ সৈতে এটা হাতীৰ দাঁত জব্দ কৰে। জনেন নাৰ্জাৰী ওৰফে জেব্ৰাৰ বিৰুদ্ধে আৰক্ষীয়ে অবৈধ অস্ত্ৰ ৰখা আৰু বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধিনত গোচৰ ৰুজু কৰি আইনী ব্যৱস্থা গ্ৰহণৰ কথা জনায় আৰক্ষী অধিক্ষক গৰাকীয়ে।
আৰক্ষীয়ে জনেন নাৰ্জাৰী ওৰফে জেব্ৰাৰ বিৰুদ্ধে ইতিমধ্যে বাসুগাঁও থানাত ভাৰতীয় দণ্ডবিধিৰ ২৫(১বি) অবৈধ মাৰণাস্ত্ৰ আইন ৫১ আৰু বন্যপ্ৰাণী সুৰক্ষা আইনৰ ধাৰা অনুসৰি ৫/২১ নম্বৰ গোচৰ পঞ্জীয়ন কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে কিছুদিন পূৰ্বে চিৰাং বন বিভাগ আৰু আৰক্ষীয়ে অভিযান চলাই এজন হাতী দাঁত সৰবৰাহকাৰীক পাঁচটাকৈ হাতী দাঁতসহ গ্ৰেপ্তাৰ কৰিছিল।