ৰাজ্যৰ বিভিন্ন জাতি-জনগােষ্ঠীৰ ডেৰ শতাধিক লোকৰ বিজেপিত যোগদান

গুৱাহাটী – ভাৰতীয় জনতা পার্টিৰ নীতি, আদৰ্শৰ প্রতি আস্থা প্রকাশ কৰি আৰু প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ লগতে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালৰ বলিষ্ঠ নেতৃত্বৰ প্রতি আকর্ষিত হৈ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ ডেৰ শতাধিক লােকে পুনৰ বুধবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যােগদান কৰে। ভাৰতীয় জনতা পার্টিৰ জ্যেষ্ঠ নেতা তথা প্রাক্তন ৰাজ্যিক উপ-সভাপতি লংকী ফাংচু দলীয় অংগবস্ত্ৰৰে যোগদনাকাৰী সকলক দলীয় সদস্যতা প্রদান কৰে।

যােগদান কৰা সকলৰ ভিতৰত বিটিচিৰ প্ৰাক্তন ইএম বনজাৰ দৈমাৰী, অসম সমন্বিত জনজাতি উন্নয়ন সমিতিৰ সভাপতি অমল ৰাভা, অসম অনুসূচীত জাতি পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক শ্ৰীমন্ত কুমাৰ দাস, প্রদেশ কংগ্রেছৰ প্রাক্তন সাধাৰণ সম্পাদিকা ড০ লক্ষ্যহীৰা দত্ত, অসম প্রদেশ হৰিজন লীগৰ ৰাজ্যিক সভাপতি জন্মেজয় দাস, গুৱাহাটী পৌৰ নিগমৰ ২৪ নং ৱাৰ্ডৰ প্ৰাক্তন পাৰিষদ পৰেশ কলিতা, উদ্যোগী মহিলা পিংকী চহৰীয়া অন্যতম। অনুষ্ঠানত সমন্বিত জনজাতি উন্নয়ন সমিতিৰ কেইবাগৰাকী সদস্যইও যােগদান কৰে। অনুষ্ঠানত বক্তব্য ৰাখি দলৰ ৰাজ্যিক উপ-সভাপতি পুলক গােহাঁইয়ে কয় যে, বিজেপিৰ জনমুখী, উন্নয়নশীল আৰু সকলােকে একেলকে আগবঢ়াই নিয়াৰ নীতিৰ প্ৰতি ৰাজ্যৰ জাতিজনজাতি সম্প্রদায়ৰ জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে।

তেওঁ লগতে কয় যে, দলৰ নীতি আদর্শৰ ক্ষেত্ৰত দলে কেতিয়াও আপােচ কৰা নাছিল, কৰা নাই আৰু কেতিয়াও নকৰে। সমাজৰ প্রতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বিজেপিয়ে আজি দলীয় সদস্যতা গ্রহণ কৰা কাৰ্যকর্তা সকলক এখন বৃহৎ মঞ্চ প্রদান কৰিছে বুলি উল্লেখ কৰি উপ-সভাপতি গৰাকীয়ে। যোগদনা কৰা সদস্য সকলে তেওঁলােকৰ নিজ নিজ ক্ষেত্ৰত দলটোক আগুৱাই লৈ যােৱাৰ বাবে সকলােকে আহ্বান জনায় ৰাজ্যিক উপ-সভাপতি গৰাকীয়ে। যােগদান অনুষ্ঠানত ৰাজ্যিক বিষয়ববীয়াৰ লগতে দলীয় কার্যকর্তা সকলাে উপস্থিত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply