নিউজ ডেস্ক: সোমবাৰে অসম চৰকাৰৰ সাংস্কৃতিক বিভাগ তথা অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ উদ্যোগত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ সভাকক্ষত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়াৰ অধ্যক্ষতাত অসম ৰাজ্যিক চলচ্চিত্ৰ নীতিৰ সম্পৰ্কে এক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

আলোচনা চক্ৰখনত চলচ্চিত্ৰৰ লগত জড়িত থকা ভালে সংখ্যক কলা-কৌশলী, পৰিচালক, প্ৰযোজকে ধৰি সংবাদ মাধ্যম তৰফৰ পৰা উপস্থিত থকা ব্যক্তিসকলে চলচ্চিত্ৰ নীতি সংশোধনী বিষয়ে নিজা মতামত আগবঢ়াই। আলোচনা চক্ৰখনত মন্ত্ৰী বিমল বড়াই অসমীয়া চলচ্চিত্ৰ বিকাশৰ বাবে এখন ফলপ্ৰসূ চলচ্চিত্ৰ নীতি কাৰ্যকাৰী দিশত ৰাজ্য চৰকাৰ খনৰ সদিচ্ছাৰ কথা অৱগত কৰে।

আলোচনাৰ মাজতে অসমৰ ছবিগৃহৰ সমস্যাৰ কথা উল্লেখ কৰি সৰহভাগ লোকে চৰকাৰ আৰু ব্যক্তিগত যৌথ প্ৰচেষ্টাত নতুনকৈ ছবিগৃহ নিৰ্মাণৰ কৰাৰ বাবে প্ৰস্তাৱ প্ৰদানৰ লগতে প্ৰডিউচাৰ্ছ কাউঞ্চিলৰ দীপক দত্তই বিদ্যালয়ৰ পৰ্যায়ত অতি কমেও ১০ নম্বৰ চলচ্চিত্ৰ বিষয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তিকৰণ, ড০ ভূপেন হাজৰিকা চলচ্চিত্ৰ আৰু টেলিভিশ্যন প্ৰতিষ্ঠানত চিত্ৰনাট্য লিখা পাঠ্যক্ৰম তথা তথ্যচিত্ৰ নিৰ্মাণৰ বিষয় অন্তৰ্ভুক্ত কৰাৰ বাবে পৰামৰ্শ আগবঢ়াই।

ছবি পৰিচালক জয়সিং দহোটীয়াই বিদেশৰ চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰিবলৈ যোৱা অসমীয়া চলচ্চিত্ৰৰ প্ৰযোজকক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক অনুদান আগবঢ়োৱাৰ মত প্ৰকাশ কৰে। লগতে কোইবাজনো বক্তাই বৰ্তমানৰ চলচ্চিত্ৰ নীতিৰ প্ৰয়োজনীয় সংশোধনীৰ বাবে এখন উপ-সমিতি গঠনৰ পোষকতা কৰে।

উল্লেখযোগ্য যে, সকলোৰে মতামত শুনাৰ পিছত মন্ত্ৰী বিমল বড়াই পৰৱৰ্তী সময়ত চলচ্চিত্ৰ লগত জড়িত বিভিন্ন সংস্থাৰ সৈতে চলচ্চিত্ৰ নীতিৰ প্ৰয়োজনীয় সংশোধনীৰ বাবে পৃথকে পৃথকে আলোচনাৰ কৰাৰ কথা অৱগত কৰে। আলোচনা চক্ৰ খনত অসম ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, সাংস্কৃতিক বিভাগৰ সচিব লয়া মাদুৰীও উপস্থিত আছিল।

লগতে পঢ়ক – ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে ভাল খবৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply