নিউজ ডেস্কঃ সমগ্ৰ দেশৰ লগতে অসমতো পালন উদযাপন কৰা হৈছে হনুমান জয়ন্তী। ৰাজ্যৰ হনুমান মন্দিৰত ভক্তপ্ৰাণ ৰাইজে প্ৰভূ হনুমানৰ আশীষ লৈছে। তাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্তৰ গুৱাহাটীত উদযাপন কৰিছে হনুমান জয়ন্তী।

আজি উত্তৰ গুৱাহাটীত লুইতৰ পাৰত আয়োজিত হনুমান জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ শৰ্মা। তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহি এই অনুষ্ঠানত উপস্থিত হোৱা আধ্যাত্মিক গুৰু তথা ভক্তবৃন্দক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

লগতে তেওঁ আজি হনুমান জয়ন্তী উদযাপন কৰা সন্দৰ্ভত ছচিয়েল মিডিয়াত লিখিছে- ‘আজি উত্তৰ গুৱাহাটীত লুইতৰ পাৰত আয়োজিত হনুমান জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত থাকি আনন্দিত হৈছোঁ। ভক্তসকলৰ দ্বাৰা পৰিৱেশিত ভজনে এক সুন্দৰ আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰাৰ লগতে মনলৈ অনাবিল শান্তি কঢ়িয়াই আনিলে। দেশৰ বিভিন্ন প্ৰান্তৰৰ পৰা আহি এই অনুষ্ঠানত উপস্থিত হোৱা আধ্যাত্মিক গুৰু তথা ভক্তবৃন্দক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ উপস্থিতিয়ে ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ প্ৰতি থকা সমৰ্পণৰ কথাকেই সূচাইছে।’

উল্লেখ্য যে, এই অনুষ্ঠানত আধ্যাত্মিক গুৰু কেশৱ দাসজী মহাৰাজ, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীতুলিৰাম ৰংহাং, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা তথা সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাও উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply