কৰিমগঞ্জঃ কৰিমগঞ্জত হোলীৰ অনুষ্ঠানত আৰক্ষীৰ অভিযান। আৰক্ষীয়ে বন্ধ কৰিলে অনুমতি অবিহনে চলি থকা ডিজে পাৰ্টী।   প্ৰশাসনৰ অনুমতি অবিহনে  হোলীৰ অনুষ্ঠানত  চলিছিল উন্মাদ নৃত্য আৰু সুৰা পানৰ প্ৰতিযোগিতা।  হোলী মোলী নামৰ এটা সংস্থাই কৰিমগঞ্জৰ বাইপাছ পথৰ বাইপাছ ধাবাত  আয়োজন কৰিছিল হোলীৰ নামত এই পাৰ্টী । আনকি এই পাৰ্টীত প্ৰৱেশৰ বাবে যুৱক- যুৱতীৰ পৰা লৈছিল প্ৰবেশ মূল্য।

শনিবাৰৰ পুৱাৰে পৰাই আয়োজক সকলক প্ৰশাসনৰ অনুমতি অবিহনে পাৰ্টীৰ আয়োজন নকৰাৰ সকীয়নি প্ৰদান কৰি আহিছিল আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ এই সকীয়নি আওকান কৰি আয়োজক সকলে চলাই গৈছিল ডিজে পাৰ্টী। য’ত যুৱক-যুৱতী সকলে মুকলিকৈ সুৰা আৰু ভাং সেৱন কৰি আছিল। আনকি বাইপাছ পথৰ ওপৰতো একাংশ সুৰাসক্ত যুৱক-যুৱতীয়ে সৃষ্টি কৰিছিল অভাৱনীয় পৰিস্থিতিৰ। একাংশ সচেতন মহলৰ অভিযোগৰ আৰক্ষীয়ে ডিজে পাৰ্টীত চলাইছিল অভিযান । অভিযানৰ সময়ত একাংশ সুৰাসক্ত যুৱকে আৰক্ষীৰ সৈতে তৰ্কাতৰ্কিতো লিপ্ত হয় । আৰক্ষীৰ উপস্থিতিৰ উমান পাই পাৰ্টী চলি থকা স্থানৰ পৰা একাংশ যুৱক-যুৱতী কৌশলেৰে পলাই যাবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply