পল্লব মিলি, লখিমপুৰঃ লখিমপুৰত বিদ্যালয় চামিলকৰণক লৈ তীব্ৰ প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজৰ। লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা খণ্ডৰ চেঞ্চা সোণালী তেতেৰে মধ্য ইংৰাজী বিদ্যালয়ৰ চামিলকৰণক লৈ স্থানীয় ৰাইজৰ লগতে পৰিচালনা সমিতি আৰু ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ।

ৰাজ্য চৰকাৰৰ শিক্ষা সঞ্চালকালয়ে বিদ্যালয়খন সমীপৰ ঘাগৰ মুখ উচ্চ ইংৰাজী বিদ্যালয়ত চামিলকৰণ কৰাৰ নিৰ্দেশ দিছে বিদ্যালয়খনক। কিন্তু চেঞ্চা, সোনালী আৰু তেতেৰে এই তিনিখন গাঁৱৰ একমাত্ৰ চৰকাৰী বিদ্যালয়ক চামিলকৰণত অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

তিনি কিলোমিটাৰ দূৰত্বৰ ঘাগৰ মুখ হাইস্কুলত অনিচ্ছা প্ৰকাশ কৰিছে চেঞ্চা সোণালী তেতেৰে মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে। উল্লেখ্য যে, ১৯৯২ বৰ্ষত প্ৰতিষ্ঠা কৰা বিদ্যালয়খনৰ দুগৰাকী শিক্ষকক ২০২১ বৰ্ষত টিউতৰ হিচাপে নিযুক্তি দিয়াৰ সমান্তৰালকৈ সমীপৱৰ্তী ঘাগৰ মুখ উচ্চ ইংৰাজী বিদ্যালয়ৰ সৈতে চামিল কৰাৰ নিৰ্দেশনা চলিত বৰ্ষৰ ২২ মাৰ্চত জাৰী কৰে কাহিলীপৰাস্থিত শিক্ষা সঞ্চালকালয়ে। তাকে লৈ এতিয়া আৰম্ভ হৈছে ছাত্ৰ-শিক্ষক আৰু অভিভাৱক ৰাইজৰ মাজত উদ্বিগ্নতা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply