লামডিং ৰেলৱে জংচনত এতিয়া নিষিদ্ধ দ্ৰব্য সৰবৰাহৰ ঘাটি ৰূপে পৰিগণিত হৈছে। এই ৰেল জংচনক ব্যবহাৰ কৰিছে ড্ৰাগছ গাঞ্জাকে আদি নিচা জাতীয় সামগ্ৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰাৰ ঘাটি ৰূপে।

আজিও লামডিং আৰ পি এফে দুখন ৰেলৰ পৰা ৪৮কেজি গাঞ্জা জব্দ কৰে ৷ ১৫৯০৯ নম্বৰ অবধ আচাম ৰেলখনৰ পৰা আৰ পি এফৰ জোৱানে অভিযান চলাই ১০ কেজি গাঞ্জা জব্দ কৰাৰ বিপৰীতে ১৩১৭৬ নং কাঞ্চনজংঘা ৰেলখনৰ পৰা আৰ পি এফৰ চি আই বি শাখাই ৩৮ কেজি গাঞ্জা জব্দ কৰে ৷ জব্দ কৃত গাঞ্জাখিনিৰ বজাৰ মূল্য ৪ লাখ ৮০ হাজাৰ টকা হব বুলি ৰেল আৰক্ষী সূত্ৰে প্ৰকাশ।

দৈনিক লামডিং ষ্টেচনত নিষিদ্ধ দ্ৰব্য উদ্ধাৰ হৈছে যদিও কোনো লোককে আটক কৰিব পৰা নাই ৰেল আৰক্ষীয়ে। আজিৰ অভিযানতো আটক নহ’ল কোনো লোক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply