প্ৰবীণ বৰুৱা, মঙলদৈঃ মঙলদৈ চহৰত পিলপিলাই ঘূৰি ফুৰিছে কেইবাটাও দুষ্ট চক্ৰ। নিমিষতে লুটি নিব পাৰে আপোনাৰ সমস্ত সোণৰ গহণা, আ-অলংকাৰ। এই দুষ্ট চক্ৰটোৰ হাতত পৰি ইতিমধ্যে মঙলদৈৰ কেইবাটাও পৰিয়াল সৰ্বসন্ত হৈছে। এই চক্ৰটোই সাধাৰণতে উদ্দেশ্য কৰি লয় মহিলা সকলক।

আজি মঙলদৈৰ ভেবাৰঘাটৰ নিবাসী ৭০ বছৰীয়া প্ৰতিমা দাসৰ পৰা কৌশলেৰে এই দুষ্ট চক্ৰটোৱে লুটি লৈ গ’ল সোণৰ চেইন আৰু সোণৰ খাৰু। প্ৰথমে এজন হিন্দী ভাষী যুৱকে প্ৰতিমা দাসৰ ঘৰত আহি সোণ পৰিষ্কাৰ কৰিব অহা বুলি জানিব দিয়ে। পিছত প্ৰতিমা দাসে প্ৰথমে সোণ পৰিষ্কাৰ নকৰোঁ বুলি কয় যদিও বিভিন্ন প্ৰলোভনত মোহিত হৈ হাতৰ খাৰু আগবঢ়ায় দিয়ে।

আকৌ ডিঙিৰ চেইন খুলিব নোৱাৰাত দ্বিতীয় জন হিন্দী ভাষী যুৱকে নিজে জোৰ জবৰ্দষ্টিৰে ডিঙিৰ চেইন খুলি বিভিন্ন পদ্ধতিৰে পৰিষ্কাৰ কৰিব ধৰে। অৱশেষত চেইন আৰু খাৰু এটা ষ্টিলৰ পাত্ৰত ঘৰত গৰম কৰিব দিয়ে। গৰম কৰি পাত্ৰটো খুলি দেখা নাপায় অলংকাৰ। লগে লগে প্ৰতিমা দাস আৰু নাতি ঘৰৰ ভিতৰৰ পৰা বাহিৰলৈ আহি দেখে যুৱক কেইজন অন্তৰ্ধান।

তাৰপাছতে পৰিয়ালটোৰ লাহে হুৱা-দুৱা। বৰ্তমান প্ৰতিমা দাসৰ পৰিয়ালে মঙলদৈ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। মঙলদৈত এতিয়া প্ৰায়ে চলি আছে এনে দুষ্ট চক্ৰই সংঘটিত কৰা ঘটনা। ইফালে, বৰ্তমানলৈ এজনো এনে ব্যক্তিক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী-প্ৰশাসন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply