প্ৰবীণ বৰুৱা, মঙলদৈঃ দৰং জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞান বিকাশ একাডেমী, মঙলদৈৰ দশম বৰ্ষপূৰ্তি উপলক্ষে মহামিলন অনুষ্ঠান অহা জুলাই মাহত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হ’ব। এই উপলক্ষে দেওবাৰে একাডেমীৰ আলোচনা কক্ষত দ্বিশতাধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হয়। সভাত ২০১২ বৰ্ষৰ পৰা প্ৰতিটো বৰ্ষৰ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

সভাৰ সিদ্ধান্ত অনুযায়ী একাডেমীখনৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত ৩০ মে’ তাৰিখে আবেলি ৫ বজাত মহামিলনৰ কাৰ্যালয় উদ্বোধন কৰা হ’ব আৰু ১ জুনৰ পৰা প্ৰতিদিনে এটা এটা বৰ্ষৰ বিদ্যাৰ্থী সকলক আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা হ’ব । উক্ত সভাতেই ৬ খনকৈ উপ সমিতিৰ বাবে আহ্বায়ক সমিতি গঠন কৰি দিয়া হয় ।

এই মৰ্মে কিৰণ চন্দ্ৰ ডেকা আৰু পংকজ বৰদলৈক আহ্বায়ক হিচাপে লৈ প্ৰচাৰ, যোগাযোগ আৰু সমন্বয় উপ সমিতি, ইলাক্ষী ভাৰ্গৱ আৰু নিবেদিতা শৰ্মাক আহ্বায়ক হিচাপে লৈ সাংস্কৃতিক উপ সমিতি, মঞ্জুলা কলিতা আৰু গকুল শৰ্মাক আহ্বায়ক হিচাপে লৈ শোভাযাত্ৰা উপ সমিতি, দিবাকৰ বৈশ্য, মহেন্দ্ৰ ডেকা আৰু ৰমনী মোহন শৰ্মাক লৈ খাদ্য উপ সমিতি, বিনীতা চহৰীয়া আৰু ঝৰ্ণা দাসক লৈ স্মৃতিগ্ৰন্থ উপ সমিতি, নীলমণি কলিতা, কংকন ডেকা, চিত্তৰঞ্জন ডেকা আৰু নয়ন বনিয়াক লৈ ব্যৱস্থাপনা উপ সমিতি গঠন কৰা হয় ।

অহা ৫ জুনত পুনৰ সাধাৰণ সভা যোগে এই উপ সমিতি সমূহ পূৰ্ণাংগ কৰা হ’ব। আনহাতে অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গক আমন্ত্ৰণ জনাবলৈ আজি ছাত্ৰ-ছাত্ৰী সকলে বিপুল উৎসাহেৰে সিদ্ধান্ত গ্ৰহণ কৰে, লগতে কেইবাগৰাকী শিক্ষাবিদ, নিউজ লাইভৰ পৰিচালন সম্পাদক জাৰিৰ হুছেইন, আই.পি.এচ. বিষয়া আনন্দ মিশ্ৰ, ইউটিবাৰ ডিম্পু আৰু বিকাশ লগতে অন্যান্য বিশিষ্ট ব্যক্তি সকলক আমন্ত্ৰণ জনাবলৈ সিদ্ধান্ত লোৱা হয় । অনুষ্ঠানটিৰ সকলো কাৰ্যসূচীতে শিক্ষানুষ্ঠানৰ নবীন প্ৰবীণ ছাত্ৰ ছাত্ৰী, অভিভাৱক, শুভকাংক্ষী আৰু দৰঙৰ ৰাইজক অংশগ্ৰহণ আৰু সহযোগিতা কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply