মেৰাপানীঃ মেৰাপানী সীমান্তত পুনৰ নগাই অসমভূমি বেদখল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এইবাৰ সীমান্তৰ গড়বস্তি এলেকাৰ জব্দকৃত কৃষিভূমিত ধান ৰোপনেৰে নগাই ভূমি বেদখলৰ চেষ্টা চলাইছে।
উল্লেখযোগ্য যে, মালিকীস্বত্তৰ বিবাদক লৈ সাত বছৰৰ পূৰ্বে গড়বস্তি গাঁৱৰ গোপাল গড় নামৰ কৃষকজনৰ ২২ বিঘা কৃষিভূমি অসম আৰু নাগালেণ্ডৰ প্ৰশাসনে উমৈহতীয়া ভাৱে জব্দ কৰি ৰাখিছিল। ১৯৭১ চনতে অসম চৰকাৰে হাফ মাইল বেল্টযোগে অসমীয়া কৃষকজনক আৱন্টন দিয়া ভূমিখণ্ড নগাৰ কৌশলী আগ্ৰাসনৰ বাবেই চন পৰি আছিল। কিন্তু এইবাৰ প্ৰশাসনৰ নিৰ্দেশনা অমান্য কৰি নগাই সকলোৰে অগোচৰে ধানৰ কঠিয়া ৰোপন কৰে জব্দকৃত ভূমিখণ্ডত।

নগাৰ এই কাৰ্যৰ উমান পাই ততাতৈয়াকৈ গোপাল গড়ৰ পৰিয়ালে নিৰপেক্ষ বাহিনী চিআৰপিএফক বিষয়টো অৱগত কৰে। কিন্তু এই পৰ্যন্ত চিআৰপিএফে বিষয়টো সন্দৰ্ভত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে গোপাল গড়ৰ পৰিয়ালে। অসমীয়া পৰিয়ালটোৱে আশংকা কৰা মতে, নগা দখলকাৰীয়ে এইবাৰৰ কৃষিকাৰ্য্যত সফল হ’লে ভৱিষ্যতৰ দিনত সমগ্র ভূমিখণ্ড নগাৰ দখললৈ যোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে।