পশ্চিম কাৰ্বি আংলংৰ খেৰণিৰ ৰাম ঠেপি গাঁওত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হ’য় ৷ মৃত লোকজনৰ নাম জয় শংকাৰ চৌহান বুলি জানিব পৰা গৈছে ৷

এই ঘটনা সংঘটিত হৈছে পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত জেংখাৰ ৰাম ঠেপি গাঁওত ৷ আজি পুৱা ৫ মান বজাত খাদ্যৰ সন্ধানত অহা বনৰীয়া হাতীটোৱে পাহাৰৰ পিনে ওভতি যাওঁতেই এই ঘটনাটো সংঘটিত হ’য়।

খেৰণিত সঘনাই অব্যাহত থকা বনৰীয়া হাতীৰ তাণ্ডৱ ৰোধ কৰাত ব্যৰ্থ খেৰণিৰ বন বিভাগ। ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু বন বিভাগৰ দল। বন বিভাগৰ দলটোৱে অঞ্চলটোত বৰ্তমান সময়ত চলি থকা বনৰীয়া হাতীৰ উপদ্ৰব বোৰৰ সম্পৰ্কে জ্ঞাত নহয় বুলি জানিব দিয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply