নিউজ ডেস্কঃ দিব্যদৃষ্টিৰে হেনো ব্ৰহ্মাণ্ডৰ অনুপম সৌন্দৰ্য উপভোগ কৰিব পাৰি। দিব্যদৃষ্টিৰে মহীয়ান এই মানুহজনক বিচাৰি গৈছিলো আমি। সৃষ্টিকৰ্তা আৰু বাগদেৱীৰ আকুল আশীৰ্বাদেৰে বিঢৌত এই মানুহজনৰ দুহাতত হেনো আছে সংগীতৰ অফুৰন্ত সম্ভাৰ। মনত কিছু আশা, কিছু হেঁপাহ লৈ আমি আগুৱাই গৈছিলো মহানগৰীৰ নাৰেংগীৰ সেই বিশেষ ঘৰটোলৈ। ভিতৰৰ পৰা ধীৰ,শান্ত প্ৰকৃতিৰে ওলাই আহিল তেওঁ। যাক এবাৰ লগ পাবলৈ, এষাৰ কথা পাতিবলৈ বহুদিনীয়া এটি আশা মনত পুহি ৰাখিছিলো তেওঁ হৈছে ঋতম চাংকাকতি।
ঋতম চাংকাকতিৰ জন্ম হৈছিল ১৪আগষ্ট ১৯৯১ চনত তেজপুৰত। মাত্ৰ ১২ বছৰ বয়সতে ঋতমে তবলাত বিশাৰদ ডিগ্ৰী অৰ্জন কৰিছিল। তবলাৰ বাহিৰে দিব্যদৃষ্টিৰে মহীয়ান এই যুৱকজনে বজাব জানে বহুকেইবিধ বাদ্যযন্ত্ৰ।
ইষ্টম’জ’ অসমৰ সৈতে যুৱকজনৰ এটি সাক্ষাৎকাৰৰ সংক্ষিপ্ত অংশ আগবঢ়োৱা হ’ল-
প্ৰশ্নঃ ঋতম চাং কাকতিয়ে পূৰ্ণতা পাবলৈ সুদীৰ্ঘ এটা পৰিক্ৰমাৰ মাজেৰে আগুৱাই আহিছে।য’ত আছে অতীত, শৈশৱ, স্কুলীয়া জীৱন,শিক্ষা। সেই এৰি অহা সময়লৈ আকৌ উভতি আমাৰ লগত শ্বেয়াৰ কৰিব নেকি?
ঋতম চাং কাকতিঃ মই এতিয়াও সেইটো জাৰ্ণিতে আছো। ফেমিলী সহযোগিতা বহুত প্ৰয়োজনীয়। disability হিচাপে এইটো profession অলপ জটিল। সৰুতে এনেকুৱা situation গৈছে য’ত মই keyboard শিকিব যাওঁ বহুতে কয় সি লিখিব নোৱাৰিব। কাৰণ মিউজিক লিখে লিখি লৈ মই বজাব নোৱাৰো। ব্ৰেইল মিউজিক আছে কিন্তু মই বহুত দেৰিকৈ গম পাইছো। কিন্তু গম পালেও আমাৰ ইয়াত source নাই। হয়তু ভাৰততে নাই। কাৰণ বাকী মোৰ বাহিৰৰ যিখিনি বন্ধু আছে তেওঁলোকেও সেইখিনি সুবিধা পোৱা নাছিল। সেইবোৰ মোৰ সংঘৰ্ষ আছিল বুলি মই ভাবো।
প্ৰশ্নঃ মায়া নগৰী মুম্বাই সকলোৰে স্বপ্ন নগৰী। যত সপোনৰ বোৰে পূৰ্ণতা পায়। বহুত struggle কৰিব লাগে এটা সপোনৰ পিছত দৌৰোতেও। আপুনি মুম্বাইলৈ যোৱা প্ৰথম দিনটোৰ পৰা বৰ্তমানলৈকে দীঘলীয়া সময়খিনি জানিব বিচাৰিছোঁ।
ঋতম চাং কাকতিঃ মুম্বাই মোৰ কাৰণে বহুত Positive experience হৈছে। বহুত struggle হৈছে। কিন্তু শিকা বহুত হৈছে।২০১৭জুলাইত মই মুম্বাইত ফুৰিব গৈছিলো। তাতে মই যতীন শৰ্মা সকলোৱে তেওঁক মাইনা দা বুলি মাতে তেওঁক লগ পালো। মাইনা দাই মোক এইটো professionত অহাৰ ক্ষেত্ৰত সহায় কৰিছে। তেওঁৰ লগত মই বহুত কাম কৰিছো। মুম্বাইত মই লতা মংগেশকাৰৰ ভতীজা বাইজু মংগেশকাৰৰ লগতো কাম কৰিছো। মাৰাঠী চিনেমা এখনৰ এটা গানত মই মিউজিক বজাইছিলো। শেহতীয়াকৈ বাইজু মংগেশকাৰৰ এটা এলবামৰ কামো কৰি আছো।
সম্পূৰ্ণ ইন্টাৰভিউটো চাবলৈ তলত উল্লেখ কৰা লিংকটো click কৰক
প্ৰশ্নঃ আপুনি ভূপেন হাজৰিকাৰ সান্নিধ্যও পাইছে। আপুনি তেওঁক লগ পাওতে এপাহ ফুল দিছিল যি পাহ ফুল আপোনাক তেওঁ পুনৰ উভতাই দিছিল। সেই বিষয়ে অলপমান জানিব বিচাৰিছো।
ঋতম চাং কাকতিঃ সেই সময়ত মই একদম সৰু আছিলো। বয়স চাগৈ ১০ বছৰ মান আছিল। তেতিয়াই স্বৰ্গীয় পাৰ্থপ্ৰতীম চৌধুৰী ছাৰৰ তত্ত্বাৱধানত কীৱৰ্ড শিকি আছিলো আৰু মোৰ গুৰু পৱন বৰদলৈ ছাৰৰ তত্ত্বাৱধানত তবলা শিকি আছিলো। ভূপেন হাজৰিকা ছাৰৰ গানৰ ৰেকৰ্ডিং চলি আছিল পাৰ্থ ছাৰে মোৰ কথা কৈছিল। ভূপেন ছাৰে মোক মাতি পঠিয়ালে। মইয়ো কীবৰ্ড লৈ গৈছিলো। মই বিমূৰ্ত মোৰ নিশাটো গীতটো বজাইছিলো। তেখেতে খুব ভাল পালে। মই এপাহ ফুল দিছিলো তেখেতে সেই ফুলপাহ মোক উপহাৰ হিচাপে উভতাই দিলে।
প্ৰশ্নঃ আপুনি বহুকেইবিধ বাদ্যযন্ত্ৰ বজাব জানে। এটা সময়ত জয়ন্ত হাজৰিকাই বহুকেইবিধ বাদ্যযন্ত্ৰ বজাব জানিছিল। আপোনাৰ প্ৰিয় বাদ্যযন্ত্ৰ কোনটো?
ঋতম চাং কাকতিঃ মোৰ প্ৰিয় কি সুধিলে ক’বলৈ কঠিন হয়।আৰম্ভণীতে মই তবলা বজাইছিলো। তবলা আৰু কীবৰ্ড মোৰ প্ৰিয়। এতিয়াটো বেছিকৈ কীবৰ্ডে বজোৱা হয়। পিয়ানো বজাইয়ো ভালপাওঁ।
বহু কথাই ৰৈ গ’ল, নপতাকৈ – নুসোধাকৈ ৰৈ গ’ল। সংগীত অবিহনে অপূৰ্ণ সেই জীৱনটোক কিছু ভুমুকিয়াই চোৱাৰ চেষ্টা কৰিছিলো..অপূৰ্ণ সেই সময়বোৰ পিছত কেতিয়াবা আকৌ পূৰ কৰাৰ প্ৰতিশ্ৰুতিৰে আমি উভতি আহিছিলো।