নিউজ ডেস্কঃ কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় সন্মিলনঃ সেৱা, সুশাসন, দৰিদ্ৰৰ কল্যাণ উদ্বোধন কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ, কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ডঃএল মুৰুগানে অংশগ্ৰহণ কৰে। ইয়াত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব অপূৰ্ব চন্দ্ৰ আৰু প্ৰসাৰ ভাৰতীৰ চিইঅ’ গৌৰৱ দ্বিবেদীও উপস্থিত থাকে।

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ২০১৪ৰ পূৰ্বৰ চৰকাৰসমূহৰ কাম-কাজক পৰৱৰ্তী চৰকাৰৰে তুলনা কৰি কয় যে পূৰ্বে শাসনৰ প্ৰচেষ্টাৰাজিত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ বিপৰীতে বৰ্তমানৰ চৰকাৰ‘পাই পাই ছে গৰীব কী ভলাই’(every penny for the benefit of the poor) নীতিৰে অগ্ৰসৰ হৈছে। দৰিদ্ৰ আৰু নিঃস্বসকলক ইয়াৰ কেন্দ্ৰীয় স্তম্ভ হিচাপে আঁচনি আৰু কাৰ্য্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত এই নীতিৰ প্ৰতিফলন ঘটিছে বুলিও তেওঁ লগতে কয়।

মন্ত্ৰীজনে কয় যে এখন ঘৰৰ গৰাকী হোৱা কাৰ্য্যই দৰিদ্ৰ ব্যক্তিসকলৰ জীৱনৰৰূপান্তৰ সাধন কৰিছে। আজি দেশত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৩.৫ কোটি ঘৰ নিৰ্মাণেৰেদৰিদ্ৰ লোকৰ জীৱনত গুণগত পৰিৱৰ্তন সাধন কৰা হৈছে।

মন্ত্ৰীজনে কয় যে প্ৰতিঘৰ গৃহস্থীকে পাইপৰ পানীৰে সংযোগৰ পৰিকল্পনাক সদায় এক জটিল প্ৰক্ৰিয়া হিচাপে গণ্য কৰা হৈছিল। কিন্তু, প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল আৰু আজি ১২ কোটি লোকে পানীৰ সংযোগ লাভ কৰিছে। তেওঁ আৰু কয় যে চৰকাৰে পৰম্পৰাগত চৌকাৰ জৰিয়তে উদ্ভৱ হোৱা ধোঁৱাৰ সমস্যাৰ অন্ত পেলোৱাৰ চেষ্টা গ্ৰহণ কৰিছে আৰু ৯.৬ কোটি পৰিয়ালক গেছ চিলিণ্ডাৰ যোগান ধৰিছে।

তেওঁ চৰকাৰে আৰ্তজনৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিসম্পৰ্কে ব্যক্ত কৰি কয় যে বিশ্বই ক’ভিড-১৯ মহামাৰীৰ প্ৰত্যাহ্বানেৰে যুঁজিবলৈ সংগ্ৰাম কৰি থাকোতে চৰকাৰে একাধিক লজিষ্টিক প্ৰত্যাহ্বান অতিক্ৰমেৰে ৮০ কোটি লোকক বিনামূলীয়াকৈ ৰেচন যোগান ধৰিবলৈ সক্ষম হৈছিল। স্বাধীনতা দিৱসৰ ভাষণত পূৰ্বৰ কোনো চৰকাৰে সৰ্বাংগীন বিকাশৰ সূচক শৌচাগাৰৰ দৰে মৌলিক মানৱীয় প্ৰয়োজনীয়তাৰ কথা কোৱা নাছিল। কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাত ভাষণ প্ৰদান কৰি প্ৰতিঘৰ গৃহস্থীতে শৌচাগাৰ নিৰ্মাণৰ কথা ব্যক্ত কৰিছিল। ইয়াৰ ফলশ্ৰুতিত আজি ১১.৭২ কোটি শৌচাগাৰ নিৰ্মাণৰ জৰিয়তে মহিলাৰ সুৰক্ষা আৰু অনাময়ৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা হৈছে।

শ্ৰী বৈষ্ণৱে কয় যে ভাৰতে আজি আয়ুষ্মান ভাৰতৰ অধীনত বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱা বীমা কাৰ্য্যক্ৰম ৰূপায়ণ কৰিছে।ইয়াৰ জৰিয়তে আৰ্তজনলৈ পাঁচ লাখ টকা পৰ্য্যন্ত বিনামূলীয়া মেডিকেয়াৰৰ ব্যৱস্থা কৰা হৈছে।ইয়াৰ মুঠ ক’ভাৰেজ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ জনসংখ্যাৰ তুলনাত অধিক।

শ্ৰী বৈষ্ণৱে প্ৰধানমন্ত্ৰীয়ে সামাজিক ন্যায়ক তুষ্টিকৰণৰপৰা উদ্ধাৰেৰে সবলীকৰণেৰে ইয়াৰ নতুন সংজ্ঞা ৰচনা কৰিছিল বুলি কয়।

মন্ত্ৰীজনে কয় যে ২০১৪ৰপৰা ঘৰুৱা আন্তঃগাঁথনিৰ অভূতপূৰ্ব পৰিৱৰ্তন ঘটিছে।যি পূৰ্বে সঠিক মানসিকতা আৰু চিন্তা প্ৰক্ৰিয়াৰ অভাৱৰ বাবে বহুলাংশে পিছ পৰি ৰৈছিল। তেওঁ ৯ বছৰত ৭৪টা বিমানবন্দৰ স্থাপনৰ উদাহৰণ দাঙি ধৰে।এই পৰিসংখ্যা ২০১৪লৈকে স্থাপিত সংখ্যাৰ সৈতে সমান বুলি কয়।তেওঁ লগতে কয় যে স্বাধীনতাৰ পিছৰেপৰা ৯১ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণৰ ঠাইত ২০১৪ ৰপৰা প্ৰায় ৫৪ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে।ভাৰতত ২০১৪লৈকে জলপথৰ সংখ্যা শূন্যৰপৰা আজি ১১১টা জলপথ গঢ় লৈ উঠিছে। ভাৰতৰ ৰেলৱে ষ্টেচনত বিমানবন্দৰৰ দৰে বিশ্বমানৰ সুবিধা উপলব্ধ।

মন্ত্ৰীজনে কয় যে বিশ্ব অৰ্থনৈতিক ৰেংকিঙত ভাৰত দীৰ্ঘদিনে পিছ পৰি আছিল।কিন্তু আজি ভাৰত ৫ম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। তেওঁ আৰু কয় যে ভাৰত আৰু দুবছৰৰ ভিতৰত ৪ৰ্থ সৰ্ববৃহৎ অৰ্থনীতি আৰু ছবছৰৰ ভিতৰত তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হোৱাৰ পথত অগ্ৰসৰ হৈছে।

মন্ত্ৰীজনে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰৰ দৃঢ় দায়বদ্ধতা সম্পৰ্কেব্যক্ত কৰি কয় যে পূৰ্বে ভাৰতৰ বৃহৎ সন্ত্ৰাসবাদী কাৰ্য্যকলাপ ৰোধত অপাৰগতাৰ বিপৰীতেআজি দেশক আক্ৰমণ কৰা মাত্ৰেকে প্ৰত্যুত্তৰ জনোৱাৰ সামৰ্থ্য আৰু ইচ্ছা আছে।

অনুৰাগ ঠাকুৰে এই কনক্লেভত সমবেত দৰ্শকসকলক সম্বোধনেৰে কয় যে বিগত ৯ বছৰত ভাৰতৰ সাধাৰণ জনতাৰ জীৱন-যাত্ৰাত এক নাটকীয় পৰিৱৰ্তন সাধন হৈছে আৰু চৰকাৰৰ সাফল্যৰাজিয়ে জনসাধাৰণৰ আশা-আকাংক্ষাক অতিক্ৰম কৰিছে। তেওঁ ইয়াৰ উদাহৰণ প্ৰদানেৰে কয় যে ভাৰত পূৰ্বে দুৰ্নীতিৰে ভৰা দুৰ্বল অৰ্থনীতি আছিল, আজি ভাৰতে দুৰ্বল পাঁচৰপৰা বিশ্বৰ শীৰ্ষ পাঁচ অৰ্থনীতিলৈ গতি কৰিছে।

তেওঁ আৰু কয় যে চৰকাৰী আঁচনিসমূহৰ সা-সুবিধা পূৰ্বে মাত্ৰ দুই-এজনৰ মাজতেসীমাবদ্ধ আছিল যদিও আজি চৰকাৰে অন্ত্যোদয়াৰ মূলমন্ত্ৰৰে কাম কৰিছে।যাৰ ফলশ্ৰুতিত শাৰীৰ শেষত থিয় হৈ থকা ব্যক্তিজনৰোকল্যাণৰ বাবে চৰকাৰ দায়বদ্ধ। ইয়াতেই আমাৰ প্ৰচেষ্টাৰ ৰহস্য নিহিত হৈ আছে যিয়ে ২৭% লোকক দৰিদ্ৰতাৰ গ্ৰাসৰপৰা উলিয়াই আনিছে বুলিও তেওঁ লগতে কয়। সেৱাৰ ভাব, বৃহৎ ধাৰণা, সুশাসন, প্ৰযুক্তিৰ প্ৰৱেশআৰু ডেলিভাৰী ব্যৱস্থাত স্বচ্ছতা আৰু জবাবদিহিতা গঢ়ি তোলাৰ ব্যৱস্থাই হৈছে ৰাজহুৱা সেৱাৰ অন্তিম প্ৰান্তত ডেলিভাৰী নিশ্চিতকৰণৰ উপায়।

মন্ত্ৰীজনে কয় যে এফালে দেশেপ্ৰধানমন্ত্ৰীৰ হৰ ঘৰ ত্ৰিৰংগাৰ আহ্বানলৈ সঁহাৰি জনাইছিল আৰু আনফালে অপাৰেচন গংগাৰ সময়ত সংঘাতজৰ্জৰ অঞ্চলৰপৰা ওলাই আহিবলৈ আন দেশৰ ছাত্ৰ-ছাত্ৰীয়ে একে ত্ৰিৰংগা ব্যৱহাৰ কৰিছিল। শ্ৰী ঠাকুৰে কয় যে তেখেতেদৰাচলতে ত্ৰিৰংগাক বিশ্বৰ সৰ্বশক্তিমান পতাকালৈৰূপান্তৰিত কৰিছে।

সচিব শ্ৰী অপূৰ্ব চন্দ্ৰই দিনৰ ভাগত ভিন্ন বিষয়ভিত্তিক অধিৱেশনলৈ সকলো অতিথিক আদৰণি জনায়। লগতে সমাজৰ ভিন্ন স্তৰৰ দৰ্শকসকলক আদৰণি জনায়।

চৰকাৰৰ ৯ বছৰ উপলক্ষেএই ৰাষ্ট্ৰীয় সন্মিলনত উদ্বোধনী অধিৱেশনৰ পিছতে তিনি বিষয়ভিত্তিক অধিৱেশন আৰু সামৰণি অধিৱেশন অনুষ্ঠিত হ’ব।

YouTube video

অধিৱেশন ১ “ভাৰতঃঅগ্ৰসৰ হোৱা”। ইয়াৰ আঁত ধৰিব জ্যেষ্ঠ সাংবাদিক নীতিন গোখলেয়ে। এই অধিৱেশনত অংশগ্ৰহণ কৰিবঃ

  • সুনীল ভাৰতী মিট্টাল, প্ৰতিষ্ঠাপক আৰু অধ্যক্ষ, ভাৰতী এন্টাৰপ্ৰাইজ
  • সংগীতা ৰেড্ডী, এপ’ল’ হাস্পতালৰ যুটীয়া পৰিচালন সঞ্চালক
  • দেৱযানী ঘোষ, NASSCOMৰ অধ্যক্ষ
  • সুৰজিত ভাল্লা, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি, ভাৰতৰ প্ৰাক্তন কাৰ্য্যবাহী সঞ্চালক
  • সৌম্য কান্তি ঘোষ, গ্ৰুপ চীফ ইকনমিক এডভাইজৰ, ষ্টেট বেংক অৱ ইণ্ডিয়া
  • দীপা চায়াল, IWILইণ্ডিয়াৰ অধ্যক্ষ আৰু পেট্ৰন ইন চীফ

অধিৱেশন ২: জন জন কা বিশ্বাস।আঁত ধৰিব সাংবাদিক ৰিছা অনিৰুদ্ধই। ইয়াত অংশগ্ৰহণ কৰিবঃ

  • নৱাজউদ্দিন ছিদ্দিকী, অভিনেতা
  • চিন্থিয়ামেককেফৰে, ভাৰতস্থিত ইউনিচেফৰ প্ৰতিনিধি
  • কিৰণ মজুমদাৰ শ্ব, কাৰ্য্যবাহী অধ্যক্ষ, Bioconলিমিটেড (ভিডিঅ’বাৰ্তা)
  • পদ্মশ্ৰী শান্তি টেৰেছা লাক্ৰা, নাৰ্ছ
  • নিখাত জাৰিন, বক্সাৰ
  • অনিল প্ৰকাশ যোশী, পৰিবেশবিদ-দিব্যা জৈন, সহ-প্ৰতিষ্ঠাপক, Seekho

অধিৱেশন ৩: যুৱ শক্তিঃগেলভেনাইজিংইণ্ডিয়া। আঁত ধৰিব ৰেড এফএমৰ ৰেডিঅ’ জকী ৰৌনাকে। ইয়াত অংশগ্ৰহণ কৰিবঃ

  • ৰিতেশআগৰৱালা, চিইঅ’, OYO ৰুম-ঋষভচেট্টী, অভিনেতা
  • আমান আলি বাংগাছ, সংগীতজ্ঞ
  • বীৰেনৰাছকুইনহা, প্ৰাক্তন ভাৰতীয় হকী কেপ্টেইন
  • যশোধৰাবাজৰিয়া, সঞ্চালক, এছপ্ৰেছ’টেকনলজিছ
  • অখিল কুমাৰ, বক্সাৰ

লগতে পঢ়ক – পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক হত্যা !

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply