নিউজ ডেস্ক– নৱবৰ্ষ সমাগত। মাত্ৰ কেইটামান দিনৰ পাছতেই নতুন বৰ্ষক আদৰিবলৈ সাজু সকলো। ২০২১ৰ এই নতুন বৰ্ষই আপোনাৰ জীৱনলৈ সাল সলনি লৈ আহিব পাৰে। আপুনি সদায় ব্য়ৱহাৰ কৰি থকা ম’বাইল ফোনটো, গাড়ী, টেক্স, ইলেকট্ৰিচিটীকে ধৰি সকলোতে আহিব পৰিৱৰ্তন। নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই এই নতুন নিয়ম প্ৰযোজ্য় হ’ব। গতিকে চাওঁ আহক কি কি সলনি হ’ব সমাগত নতুন বৰ্ষত।
১জানুৱাৰীৰপৰা মূল্য় বাঢ়িব যান-বাহনৰ

গাড়ীত ‘ফাষ্টেগ’ লগোৱাটো হ’ব বাধ্য়তামূলক

১জানুৱাৰীৰ পৰা গাড়ীত ‘ফাষ্টেগ’ লগোৱাটো বাধ্য়তামূলক কৰা হ’ব। ‘ফাষ্টেগ’ নলগোৱাকৈ আপুনি পাৰ হ’ব নোৱাৰিব ৰাষ্ট্ৰীয় ঘাইপথ। টোলগেট পাৰ হ’বলৈ ১জানুৱাৰীৰপৰা ফাষ্টেগ লগৱাটো বাধ্য়তামূলক কৰা হৈছে। ‘ফাষ্টেগ’ নলগালে গাড়ী চালকে জৰিমনা ভৰিব লাগিব। সকলো টোল প্লাজাতে ফাষ্টেগৰ জৰিয়তে কৰ সংগ্ৰহ কৰা হব। ইয়াৰ বাবে ফাষ্টেগ একাউন্টত অতি কমেও ১৫০টকা জমা থাকিব লাগিব। নহলে ব্লেক লিষ্টেড কৰা হব।
মিউচুৱেল ফাণ্ডৰো সাল- সলনি হ’ব নীতি নিয়ম

মাৰ্কেট ৰেগুলেটৰ ‘ছেবি’য়ে মিউচুৱেল ফাণ্ডৰো নিয়ম নীতি সলনি কৰিছে। নতুন নিয়ম মতে মিউচুৱেল ফাণ্ডত প্ৰথম ৭৫ শতাংশ ইনভেষ্ট কৰিব লাগিব। ফাণ্ডৰ মিডকেপ আৰু স্মল ফাণ্ডৰ বাবে ২৫শতাংশ -২৫ শতাংশ ইনভেষ্ট কৰাটো জৰুৰী। ইয়াৰে ২৫ শতাংশ লাৰ্জ কেপ ফাণ্ডত ইনভেষ্ট কৰিব লাগিব।
UPI ৰ ওপৰতো ভৰিব লাগিব অতিৰিক্ত মূল্য়

১জানুৱাৰীৰ পৰা এমাজন, ফোন পে , গুগল পেৰ পৰা টকা পইচা লেনডেন কৰিলে ভৰিব লাগিব অতিৰিক্ত কৰ এমপিচি এই য়ে থ্ৰাৰ্ড পাৰ্টী এপৰ দ্বাৰা চলোৱা ইউ পি আই পেমেন্ট চাৰ্ভিছৰ ওপৰত ৩০ শতাংশ কৰ আদায় লোৱাৰ সিদ্ধান্ত লৈছে।
লেণ্ড লাইনৰ পৰা ম’বাইললৈ ফোন কৰিবলৈ আগত জিৰো ব্য়ৱহাৰ কৰিব লাগিব

লেণ্ডলাইনৰ পৰা ম’বাইললৈ ফোন কৰিবলৈ আগত জিৰো ব্য়ৱহাৰ কৰিব লাগিব।এইদৰে অতিৰিক্ত নম্বৰ দায়েল কৰিলে টেলিকম কম্পেনীয়ে মবাইল সেৱাসমূহৰ বাবে ২৫৪.৪ কোটি অতিৰিক্ত নম্বৰ বনাবলৈ সুযোগ পাব। এই কাৰ্যৰ পৰা ভৱিষ্তৰ প্ৰয়োজন পূৰণ কৰিবলৈ সুবিধা পাব।
সলনি হ’ব জি এছ টিৰ নীতি-নিয়ম

ক্ষুদ্ৰ ব্য়ৱসায়ী সকলক ৰেহাই দিবলৈ চৰকাৰে জিএছটিৰ প্ৰক্ৰিয়াটোক অলপ সহজ কৰি তুলিবলৈ চেষ্টা কৰিছে। এই নতুন প্ৰক্ৰিয়াটোত ৫কোটি টকালৈকে ব্য়ৱসায় কৰা ব্য়ৱসায়ী সকলক অহা জানুৱাৰী মাহৰ পৰা ৪বাৰ কৰ পৰিশোধ কৰাটো ধাৰ্য কৰা হৈছে। যিটো বছৰত ১২ বাৰ কৰ পৰিশোধ কৰিব লাগিছিল।
কম মূল্য়তেই ক্ৰয় কৰিব পাৰিব প্ৰিমিয়াম

১জানুৱাৰীৰ পৰা কম মূল্য়তেই ক্ৰয় কৰিব পাৰিব প্ৰিমিয়াম। ১২তাৰিখৰ পৰা সৰল জীৱন বীমা পলিচি নামৰ নতুন পলিচি গ্ৰাহকৰ বাবে মুকলি কৰিব। এই নতুন বীমা আঁচনিত কম মূল্য়ত ক্ৰয় কৰিব পাৰিব ট্ৰাম প্লেন।
চেক সম্বন্ধীয় নীতি নিয়মো সালসললি ঘটিব

২০২১ ৰ পৰা চেক সম্বন্ধীয় নীতি নিয়মো সালসললি ঘটিব। ৫০হাজাৰ তকৈ অধিক টকাৰ চেকৰ ক্ষেত্ৰত পজিটিভ পে ছিষ্টেম প্ৰযোজ্য় হব। কোনোৱে চেকৰ জৰিয়তে প্ৰৱঞ্চনা কৰিব বিচাৰিলে এই প্ৰক্ৰিয়াৰ দ্বাৰা সকলো ধৰা পৰিব। এই ক্ষেত্ৰত যিয়ে চেক দাখিল কৰিব তেওঁ ইলেকট্ৰনিক মাধ্য়মৰ সহায়ত চেকৰ তাৰিখ, প্ৰাপ্ত ৰাশিকে ধৰি সকলো তথ্য় পুনৰ দাখিল কৰিব লাগিব। এছ এম এছ, ইন্টাৰনেট বেংকিং, মবাইল এপ, এটিএম ৰ জৰিয়তে এই তথ্য় সমূহ দাখিল কৰিব লাগিব। চেকৰ সহায়ত ধনৰাশি পৰিশোধ কৰাৰ আগে আগে এই তথ্য় পুনৰ পৰীক্ষা কৰা হব। যদি এই তথ্য়ত কিবা বিসংগতি ধৰা পৰে তেতিয়া চেকৰ সহায়ত ধন পৰিশোধ কৰিব নোৱাৰিব।
অতি সহজতে লাভ কৰিব বিজুলীৰ সংযোগ

ভাৰতৰ শক্তি মন্ত্ৰণালয়ে নতুন বছৰত উপভোক্তা সকলৰ বাবে নতুন নিয়ম প্ৰযোজ্য় কৰিবলৈ সাজু হৈছে। এই নতুন নিয়ম অনুসৰি বিজুলীৰ নতুন সংযোগ ল’বলৈ বেছি সময় অপেক্ষা কৰাৰ প্ৰয়োজন নহ’ব। নগৰ অঞ্চলৰ বাবে সাত দিন, নগৰ পালিকাত ১৫ দিন আৰু গাঁৱৰ অঞ্চলত এমাহৰ ভিতৰত বিজুলী সংযোগ দিব লাগিব। যদি এই সময়ৰ ভিতৰত বিদ্য়ুত বিভাগে বিজুলী সংযোগ দিব নোৱাৰে তেতিয়া উপভোক্তাই বিদ্য়ুত বিভাগৰ পৰা জৰিমনা আদায় কৰিব পাৰে।
স্মাৰ্টফোন সমূহত কাম নকৰিব হোৱাটছআপে

১জানুৱাৰীৰ পৰা কিছুমান এণ্ড্ৰয়েডত ফোনত কাম নকৰিব হোৱাটছআপে। IOS 9 আৰু এণ্ড্ৰয়েড ৪.০.৩ অপাৰেটিং ছিষ্টেমটো হোৱাটছআপৰ পুৰণা সংস্কৰনে কাম নকৰিব। যদি ইয়াতকৈ আগৰ সংস্কৰণৰ আই ফোন যেনে i phon 4s , iphon 5s, i phon 5c, i phon 6, i phon 6sত হোৱাটছআপৰ পুৰণা ছফটৱেৰ আছে তেতিয়া হলে আপডেট কৰি ল’লেই পুনৰ হোৱাটছ সক্ৰিয় হৈ পৰিব।
ইয়াৰ লগে লগে এণ্ড্ৰয়েড ৪.০.৩ তকৈও পুৰণা সংস্কৰণত চলি থকা স্মাৰ্টফোনতো হোৱাটছআপ সক্ৰিয় নহ’ব।