পুনৰ ৰে'ল চলাচল আৰম্ভ হ'ল কাশ্মীৰ উপত্যকাত Credit: টুইটাৰ

নিউজ ডেস্ক– সোমবাৰৰ পৰা পুনৰ ৰেল চলাচল আৰম্ভ হ’ল কাশ্মীৰ উপত্যকাত। কৰোনাভাইৰাছ লকডাউন ঘোষণা কৰাৰ পিছত ২৫ মাৰ্চৰ পৰা সকলো ৰেলসেৱা বাতিল কৰা হৈছিল। ১১মাহৰ বিৰতিৰ পিছত পুনৰ ৰেল চলাচল আৰম্ভ হয় জম্মু-কাশ্মীৰত।

ৰেলমন্ত্ৰী পিয়ুষ গোৱেলে টুইট যোগে কয় য়ে, ” ২২ ফেব্ৰুৱাৰীৰ পৰা বানিহাল-বাৰামুলা মাজত ৰেলচলাচল পুনৰ আৰম্ভ হ’ব, আৰম্ভণিতে এই দুয়োখন ঠাইৰ মাজতে আৰম্ভ হ’ব ৰেল সেৱা”

মন্ত্ৰী গৰাকীয়ে কয় যে, ” ই যোগাযোগ ক্ষীপ্ৰ কৰি তুলিব আৰু পৰ্যটন খণ্ডক এক ডাঙৰ উদগনি প্ৰদান কৰিব।”

কভিডৰ কাৰণে ঘোষণা কৰা লকডাউনৰ পিছৰে পৰা ভাৰতীয় ৰেলৱে ক্ৰমান্বয়ে চলাচল কৰা ৰেলৰ সংখ্যা বৃদ্ধি কৰি আহিছে।

বৰ্তমান ৬৫ শতাংশতকৈও অধিক ৰেল চলা আৰম্ভ হৈছে। কেৱল জানুৱাৰীত ২৫০ ৰো অধিক ৰে’ল চলাচল আৰম্ভ হৈছিল আৰু ক্ৰমান্বয়ে অধিক বঢ়োৱা হ’ব “।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply