দ্য কাশ্মীৰ ফাইলছ’ ছবিৰ পৰিচালক বিবেক অগ্নিহোত্ৰীক “Y” কেটেগৰীৰ নিৰাপত্তা প্ৰদান কৰা হৈছে । পৰিচালকজনৰ জীৱনৰ প্ৰতি ভাবুকিৰ কথা চিন্তা কৰি এই নিৰাপত্তা প্ৰদান কৰা হৈছে । ভাৰতৰ যিকোনো স্থানতে এই নিৰাপত্তা থাকিব ।

চিআৰপিএফৰ এটা সশস্ত্ৰ দলৰ লগতে পাঁচজন কামাণ্ডো জোৱানে আগুৰি ৰাখিব পৰিচালক বিবেক অগ্নিহোত্ৰীক ।Y কেটেগৰীৰ সুৰক্ষাত ৮ গৰাকী সুৰক্ষাকৰ্মীৰ দ্বাৰা লোকজনক সুৰক্ষা প্ৰদান কৰা হয়।

বিবেক অগ্নিহোত্ৰীৰ পৰিচালনাত নিৰ্মাণ হোৱা দ্যা কাশ্মীৰ ফাইলচে বৰ্তমান সময়ত সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। এই ছবিখনে ১৯৯০ চনৰ কাশ্মীৰী পণ্ডিত সকলৰ দুৰ্দশাৰ বিষয়ে দেখুৱাইছে। যি সময়ত বিজেপি আৰু ইয়াৰ মিত্ৰ দলবোৰ চিনেমাখনৰ এক প্ৰকাৰ প্ৰমোচনত নামিছে বিপৰীতে এচামে ইয়াৰ বিৰোধীতা কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply