নিউজ ডেস্কঃ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে ভাৰত চৰকাৰে অব্যাহত ৰাখিছে ‘অপাৰেশ্যন গংগা’ অভিযান। এই উদ্ধাৰ অভিযানত ভাৰত চৰকাৰে ভাৰতীয় নাগৰিকৰ লগতে বিদেশৰ নাগৰিককো উদ্ধাৰ কৰিছে।

অপাৰেশ্যন গংগাৰ অধীনত বাংলাদেশৰ ৯জন নাগৰিকক ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জনাই বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই।

অপাৰেশ্যন গংগাৰ অধীনত ভাৰতৰ লগতে পাকিস্তান, নেপাল, বাংলাদেশসহ বহু কেইখন দেশৰ নাগৰিকক উদ্ধাৰ কৰিছে ভাৰত চৰকাৰে। ইয়াৰ পূৰ্বে পাকিস্তানৰ এগৰাকী ছাত্ৰীয়ে ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোডীক ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰাৰ বাবে ধন্যবাদ জনায়।

ইফালে, মঙলবাৰে বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা কোৱা হয় যে- ইউক্ৰেইনৰ ছুমীৰ পৰা সকলো ভাৰতীয় ছাত্ৰ-ছাত্ৰীক উদ্ধাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, বৰ্তমানলৈ প্ৰায় ১৮০০০ ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰা হৈছে ইউক্ৰেইনৰ পৰা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply