নিউজ ডেস্কঃ হঠাৎ আদবাটতে বিকল হৈ পৰিল ৰ’পৱে’ৰ ১১ গৰাকী যাত্ৰী। যান্ত্ৰিক বিজুতিৰ বাবেই ৰ’পৱে’ অৰ্থাৎ কেবল কাৰখন আকাশতেই ৰৈ যায়। আৰু তাৰপাছতে সৃষ্টি হয় হাঁহাকাৰ পৰিস্থিতিৰ।

দৰাচলতে, এই ঘটনা সংঘটিত হৈচে হিমাচল প্ৰদেশৰ পৰবাণু এলেকাত। আৰু স্থানীয় প্ৰশাসনে প্ৰায় ৩ ঘন্টা অভিযান চলোৱাৰ পাছত উদ্ধাৰ কৰে কেবল কাৰত আৱদ্ধ হৈ থকা ১১ গৰাকী যাত্ৰীক।

সৌলন জিলা আৰক্ষীৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয়- যাত্ৰীসকলক উদ্ধাৰ কৰাৰ বাবে কেবলত এখন ট্ৰলীৰ ব্যৱস্থা কৰা হয়। টিম্বল ট্ৰেল অপাৰেটৰ আৰু আৰক্ষীৰ লগতে এনডিআৰএফৰ এটা দলৰ দ্বাৰা তেওঁলোকক উদ্ধাৰ কৰা হৈছে।

জানিব পৰা মতে, হিমাচলপ্ৰদেশত অতিকৈ জনপ্ৰিয় এই ৰ’পৱে’ৰ দ্বাৰা বহু লোকে যাত্ৰা কৰে। আৰু পৰ্যটকসকলে এই ৰ’পৱে’ত যাত্ৰা কৰা পৰিলক্ষিত হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply