নিউজ ডেস্কঃ দেশৰ আন ৪খন ৰাজ্যৰ লগতে পঞ্জাৱতো বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত আছে। বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি, আম আদমি পাৰ্টীয়ে অগ্ৰগতি কৰি আছে। প্ৰায় স্পষ্ট হৈ পৰিছে যে পঞ্জাৱত আপে সংখ্যাগৰিষ্ঠতাৰে নতুন চৰকাৰ গঠন কৰিব।

এইবাৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে আম আদমি পাৰ্টীয়ে নিৰ্বাচনী ৰেলীত নিবনুৱা সমস্যা, নিচাজাতীয় সামগ্ৰী সেৱন বন্ধ কৰা, দুৰ্নীতিমুক্ত চৰকাৰ আদি শ্ল’গান দি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়। ইতিমধ্যে দিল্লীত আম আদমি পাৰ্টীয়ে যি ধৰণে সমগ্ৰ দেশৰ বাবে এক উদাহৰণ দাঙি ধৰিছে তাৰ বাবেই পঞ্জাৱতো ভোটাৰৰ বিশ্বাস জয় কৰিবলৈ সক্ষম হৈছে আপ।

উল্লেখ্য যে, পঞ্জাৱত পূৰ্বৰে পৰা কংগ্ৰেছ আৰু শিৰোমণি আকালী দলৰ দখল আছে। কিন্তু এইবাৰ পৰিস্থিতি সম্পূৰ্ণ ওলোটা হোৱা দেখা গৈছে। পঞ্জাৱত আপে এই ধৰণে অগ্ৰগতি লাভ কৰাৰ আছে কেতবোৰ গুৰুত্বপূৰ্ণ কাৰণ। নিৰ্বাচনৰ প্ৰায় এমাহ পূৰ্বে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে সাংসদ ভগৱন্ত সিং মানৰ নাম ঘোষণা কৰে। আৰু আপৰ এই সিদ্ধান্ত তেওঁলোকৰ পক্ষত থকা দেখা যায়।

ৰাজ্যখনত কংগ্ৰেছৰ ছন্নী চৰকাৰক লৈ ৰাইজ অসন্তুষ্ট হোৱাত চৰকাৰ বিৰোধী এক বতাহ বলে। আৰু ইয়াৰ সুযোগ ল’বলৈ সক্ষম হয় আপ। কংগ্ৰেছে নিবনুৱা সমস্যা, নিচাজাতীয় সামগ্ৰী বন্ধ কৰাত পঞ্জাৱত সম্পূৰ্ণ ৰূপে বিফল হয়। পঞ্জাৱত নিবনুৱা সমস্যা এক ডাঙৰ সমস্যা। ২০১৭চনত কংগ্ৰেছে সেই সময়ৰ শিৰোমণি আকালী দলৰ চৰকাৰৰ প্ৰত্যাহ্বান জনাই ঘৰে ঘৰে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ’ল। আৰু ইয়াৰ সুবিধা লাভ কৰিলে আপে।

তদুপৰি দিল্লীত আম আদমি পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে যিধৰণে সমগ্ৰ ৰাজ্যবাসীক শিক্ষা, স্বাস্থ্য, বিদ্যুৎ, চাকৰি আদিৰ সুবিধা প্ৰদান কৰে তাৰ প্ৰতি আকৰ্ষিত হৈছে পঞ্জাৱৰো লোক। দিল্লীত আপে যিধৰণে কামবোৰ কৰি দেখুৱাইছে ৰাইজৰ সুবিধাৰ্থে, সেই কাম আম আদমি পাৰ্টীয়ে পঞ্জাৱতো কৰিব বুলি ৰাইজে যে দলটোক সমৰ্থন কৰিছে সেয়া নিৰ্বাচনৰ ভোটগণনাৰ সময়তে দেখিবলৈ পোৱা গৈছে।

ইফালে, ২০২০চন কেন্দ্ৰৰ বিজেপি চৰকাৰৰ তিনি নতুন কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি হোৱা আন্দোলনত পঞ্জাৱৰ কৃষকসকলে থিয় দিছিল সন্মুখৰ শাৰীত। এই আন্দোলনৰ সময়ত পঞ্জাৱৰ কৃষকসকলক সম্পূৰ্ণ সমৰ্থন জনাইছিল অৰবিন্দ কেজৰিৱালে। আম আদমি পাৰ্টীৰ নেতাসকল দৈনিক আন্দোলনস্থলীত উপস্থিত আছিল। আৰু ইয়াৰো সুফল যে আপে নিৰ্বাচনত লাভ কৰিছে সেয়া নিশ্চিত।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply