নিউজ ডেস্কঃ শ্ৰীলংকাত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা। ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপক্ষেয়ে ঘোষণা কৰে দেশখনত জৰুৰীকালীন অৱস্থা। শ্ৰীলংকাত খাদ্যকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ অনাটন দেখা দিছে।

ইয়াৰ পাছতে দেশখনৰ বিভিন্ন প্ৰান্তত হিংসাত্মক ঘটনা, চৰকাৰী সম্পত্তি নষ্ট কৰা, দীৰ্ঘসময়ৰ বাবে বিদ্যুৎ কৰ্তন, ইন্ধনজাত সামগ্ৰীৰ অনাটনৰ পাছতে এই ঘোষণা কৰিছে ৰাষ্ট্ৰপতি ৰাজপক্ষেয়ে।

শ্ৰীলংকাত ১ এপ্ৰিলৰ পৰা জাৰী কৰা হৈছে জৰুৰীকালীন অৱস্থা। উল্লেখ্য যে, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ তৰফৰ পৰা জাৰি কৰা নিৰ্দেশনা অনুসৰি দেশত আইন শৃংখলা বৰ্তাই ৰখাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৰ্তমানলৈকে আৰক্ষীয়ে হিংসাত্মক ঘটনা সংঘটিত কৰা আৰু চৰকাৰী সা-সামগ্ৰী ভাঙি লণ্ড ভণ্ড কৰা ঘটনাৰে জড়িত প্ৰায় ৫০ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

ইফালে, দেশখনৰ নাগৰিকে আৰ্থিক দুৰাৱস্থাৰ কাৰণ শাসনত থকা চৰকাৰে গ্ৰহণ কৰা নীতিসমূহেই বুলি ক’ব খোজে। চৰকাৰৰ বিৰোধিতা কৰি কোলম্বোত ৰাইজে বহু কেইখন বাহনত অগ্নি সংযোগ কৰা ঘটনাও সংঘটিত হৈছে।

আনহাতে, চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাৰ এনে দুৰাৱস্থাৰ মাজতে সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰত। ভাৰতৰ তৰফৰ পৰা ৪০ হাজাৰ টন ডিজেল শ্ৰীলংকাক প্ৰদান কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply