অসম জাতীয় পৰিষদৰ জাতীয় মহিলা পৰিষদৰ ৰাজ্যিক অভিৱৰ্তনৰ সামৰণি

তেজপুৰ– তেজপুৰৰ জ্যোতি- বিষ্ণু ক্ষেত্ৰত অনুষ্ঠিত হোৱা অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তি ৰাজ্যিক অভিৱৰ্তনত মুখ্য অতিথি হিচাপে ভাগ লয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে। অসম চৰকাৰক সমালোচনা কৰি নৰেন্দ্ৰ মোডীক সৰ্বকালৰ মিছলীয়া আখ্যা দি তীব্ৰ সমালোচনা কৰে লুৰিন জ্যোতিয়ে ।

ভাষণত লুৰিনজ্যোতি গগৈয়ে কয় ,” অসমত ২৩ লাখ চাকৰি দিম বুলি কোৱা কথা আৰু চাকৰিৰ নামত চলা দুৰ্নীতি, স্বজন তোষণৰ কথা ক’লেই কয় মোগলে আক্ৰমণ কৰিছে , মিঞা মিউজিয়াম স্থাপন কৰিব বিচাৰিছে ।যেতিয়াই বিভিন্ন সমস্যা আৰু সামগ্ৰিক উন্নয়নৰ কথা কোৱা হয় তেতিয়াই কয় আমাক ৩৫ শতাংশ ভোট নালাগে মানে আকৌ মুছলমান । এই হিন্দু মুছলমানৰ ৰাজনীতি অসমৰ ৰাইজে গ্ৰহণ কৰা নাছিল , গ্ৰহণ নকৰে আৰু ‘২১ চনৰ নিৰ্বাচনত ইয়াৰ উচিত প্ৰত্যুৎত্তৰ দিব । হিন্দু মুছলমানৰ ৰাজনীতি আৰু নহ’ব। জাতীয়তাবাদৰ সৌধৰ তলত একত্ৰিত হৈ আমি আমাৰ সপোন ৰচনা কৰাৰ লগতে স্বাভিমানি যাত্ৰা আৰম্ভ কৰিব বিচাৰিছো।”

লগতে লুৰিণজ্যোতিয়ে কয় সাম্প্ৰদায়িকতাৰ বিষবাষ্প সিঁচিব বিচৰা শক্তি সমূহক অসমৰ মাটিৰ পৰা পুলিয়ে পোখালিয়ে উৎখাত কৰিবৰ কাৰণে সকলোয়ে সংকল্প গ্ৰহণ কৰিব লাগিব। কোনো কাৰণতে যাতে অসমত সাম্প্ৰদায়িকতা মৌলবাদে যাতে স্থান নাপায় তাৰ বাবে সকলোয়ে সংকল্প লোৱা উচিত। উন্নয়নৰ প্ৰশ্ন উত্থাপন কৰিব বুলিয়েই নিৰ্বাচনী সভা সমূহত তেওঁলোকে নাচ- বাগ কৰে । মহাপ্ৰতাপী বুলি কৈ থকা সকলে নিৰ্বাচনী সভা সমূহত হয় নাচে নহ’লে গান গায় । যদি আমি কাম কৰিছো আমাক ভোট দিয়ক, যদি নাই কৰা  আমাক ভোট দিব নালাগে বুলি কোৱাৰ দম আৰু সাহস তেওঁলোকৰ নাই । সেই কাৰণেই সভাত নাচে আৰু গান গায় বুলি লুৰিনজ্যোতি গগৈয়ে মন্তব্য কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply