বিটিচিৰ বাহিৰত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বিপিএফ দলে Credit: বিটিচিৰ বাহিৰৰ সমষ্টি সমূহত মিত্ৰজোঁটক বিপিএফ দলে সমৰ্থন জনাব

বৰমা – বিটিচিৰ বাহিৰত প্ৰাৰ্থী প্ৰক্ষেপ নকৰে বিপিএফ দলে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলে বিটিচিৰ অন্তৰ্গত বিধানসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। নতুন প্ৰাৰ্থীক বিপিএফ দলে টিকট প্ৰদান নকৰে বুলিও ঘোষণা কৰিলে হাগ্ৰামা মহিলাৰীয়ে। বিটিচিৰ বাহিৰৰ সমষ্টি সমূহত মিত্ৰজোঁটক বিপিএফ দলে সমৰ্থন জনাব।

আগন্তক বিধানসভা নিৰ্বাচনকলৈ প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত নিৰ্বাচনী ৰণ কৌশল প্ৰস্তুত কৰাত। এফালে বিজেপি আৰু অসম গণ পৰিষদ, আনফালে কংগ্ৰেছ, এ আই ইউ ডি এফৰ লগত একত্ৰিত হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ প্ৰস্তুত কেইবাটাও ৰাজনৈতিক দল। বড়ো ভূমিত শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিটিচি নিৰ্বাচনত প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএলৰ হাতত পৰাস্ত হৈ বিটিচিৰ শাসনৰ গাদী হেৰুওৱা বিপিএফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰী কঁকালত টঙালি বান্ধিছে বিধানসভা নিৰ্বাচনকলৈ।

বিপিএফ আৰু বিজেপিৰ মিত্ৰতাত ফাট মেলাত বিপিএফ দল এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপি দলক সমৰ্থন দিয়াৰ পৰিবৰ্তে মিত্ৰজোঁটৰ লগত থাকিব বুলি ঘোষণা কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। বৃহস্পতিবাৰে বৰমা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মৰ বাসগৃহত মন্ত্ৰী ৰিহন দৈমাৰী আৰু চন্দন ব্ৰহ্মৰ লগত এক বৈঠকত মিলিত হৈ আগন্তক বিধানসভা নিৰ্বাচনকলৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে।

হাগ্ৰামা মহিলাৰীয়ে ঘোষণা কৰে যে বিপিএফ দলে বিধনাসভা নিৰ্বাচনত বিটিচিৰ অন্তৰ্গত ১২ টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব। বিটিচিৰ বাহিৰত থকা সমষ্টি সমূহত বিপিএফ দলে প্ৰাৰ্থী প্ৰক্ষেপ নকৰে। ইয়াৰ লগতে নতুন মুখৰ প্ৰাৰ্থীক বিপিএফ দলে বিধনাসভা নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান নকৰে বুলিও জানিবলৈ দিয়ে হাগ্ৰামা মহিলাৰীয়ে। ইফালে বিজেপিৰ পৰিবৰ্তে যিকোনো ৰাজনৈতিক দলৰ লগত বিপিএফৰ মিত্ৰতা হোৱাৰ সম্ভাৱনাৰ কথাও জানিবলৈ দিয়ে হাগ্ৰামা মহিলাৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply