নিউজ ডেস্ক: চামগুৰিৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ পাকিস্তানৰ সৈতে সম্পৰ্কৰ তদন্ত বিচাৰি গুৱাহাটীৰ এজন নাগৰিকে বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰাকলৈ শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত বিশেষ চৰ্চা আৰম্ভ হৈছে।

জানিব পৰা মতে গুৱাহাটীৰ ভঙাগড়ৰৰ ৰাজ এপাৰ্টমেণ্টৰ বাসিন্দা ধর্মেন্দ্ৰ চৌধুৰী নামৰ এগৰাকী লোকে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ পত্ৰৰ জৰিয়তে ৰকিবুল হুছেইনৰ বিৰুদ্ধে পূৰ্বতে উত্থাপিত অভিযোগ সঁচা নে মিছা সেই সন্দৰ্ভত তদন্ত কৰিবলৈ অনুৰোধ জনায়।

চৌধুৰীয়ে উমা ফুকন আৰু মুখ্য মন্ত্ৰীৰ উদ্ধৃতি দি তদন্তৰ বাবে অনুৰোধ জনাই শনিবাৰে দৈমাৰীলৈ প্ৰেৰণ কৰা পত্ৰত বিধায়ক ৰকিবুল হুছেইনৰ পিতৃয়ে মুছলিম লীগৰ সমৰ্থন কৰিছিল বুলিও অভিযোগ কৰে।

কংগ্ৰেছী বিধায়কজনৰ পাকিস্তানৰ সৈতে কিবা সম্পৰ্ক আছে নেকি সেয়া সদন কমিটীৰ দ্বাৰা তদন্ত কৰিব লাগে বুলি চৌধুৰীয়ে তেওঁৰ পত্ৰত উল্লেখ কৰে। অৱশ্যে এই সন্দৰ্ভত বিধানসভা সচিবালয় আৰু বিধায়ক ৰকিবুল হুছেইনে এতিয়ালৈ কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই।

লগতে পঢ়ক – বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ: বিশ্বৰ আটাইতকৈ দীঘল নৌকা বিহাৰ ‘গংগা বিলাস’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply