নিউজ ডেস্কঃ ননন পাচনীৰ দ্বাৰা পৰিচালিত অসমীয়া ৱেব ছিৰিজ ‘কলৰৱ’য়ে এতিয়া সমগ্ৰ ভাৰতৰ লগতে বিদেশৰ দৰ্শকৰো পৰা ব্যাপক প্ৰশংসা বুটিবলিছে। শেহতীয়াকৈ অ টি টি প্লেটফৰ্ম ৰিলড্ৰামাত মুক্তি পোৱা এই ৱেব ছিৰিজখন সাতটা খণ্ডত বিভক্ত। ৰিলড্ৰামাৰ সৃজন দলৰ প্ৰচেষ্টাত বাস্তৱ ৰূপ লাভ কৰা গল্পটোৰ চিত্ৰনাট্য, সংলাপ ৰচনা কৰিছে প্ৰণৱ বৰুৱা আৰু উদয় ভাস্কৰ পাটৰে।

ৱেব ছিৰিজখনত অৰণ্য ভ্ৰমণলৈ যোৱা বন্ধুৰ দল এটাৰ কাহিনী উপস্থাপন কৰা হৈছে। এই ভ্ৰমণৰ সময়ত পৰস্পৰৰ আটাইতকৈ কলুষতাপূৰ্ণ দিশবোৰৰ বিষয়ে জানিবলৈ পায় আৰু ঘটনাক্ৰমে তেওঁলোক প্ৰতিকূল পৰিস্থিতিৰ মাজত বান্ধ খাই পৰে। 

ইফালে, পৰিচালক ননন পাচনীয়ে কয় যে- “এজন পৰিচালক হিচাপে মোৰ শেহতীয়া ৱেব ছিৰিজ ‘কলৰব’-য়ে ৰিলড্ৰামা প্লেটফৰ্মত লাভ কৰা ইতিবাচক সমাদৰ দেখি মই যথেষ্ট আনন্দিত হৈছো। এই ৰহস্যমূলক হত্যাৰ কাহিনীটো এক এনে প্ৰকল্প আছিল য’ত মই এটা কেন্দ্ৰীয় চৰিত্ৰৰ বিভিন্ন দৃষ্টিভংগী অন্বেষণ কৰি নিজকে ইয়াৰ যথেষ্ট অভ্যন্তৰলৈ লৈ গৈছিলো।এয়া এক প্ৰত্যাহ্বান আছিল যদিও ইয়াৰ পৰা লাভ কৰা ফলাফলৰ বাবে মই গৌৰৱান্বিত আৰু আমি যি প্ৰশংসা পাইছো তাৰ বাবে কৃতজ্ঞ।‘কলৰব’ চোৱা আৰু সমৰ্থন কৰা সকলোকে ধন্যবাদ। মই নতুন কাহিনী সৃষ্টিৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাণৰ নতুন পৰিসীমা চুবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো।’’

উল্লেখ্য় যে, ‘কলৰব’ ছবিখনত সিদ্ধাৰ্থ শৰ্মা, স্নিগ্ধা গগৈ, হিমাংশু গগৈ, উদয়ন দুৱাৰা, হিমাংশু প্ৰসাদ দাস, অংগশ্ৰী নেওগ, ওৱেছিছ তালুকদাৰ, কৌশিক নাথ, অতুল পাচনী, নৰ্মদা দাস আৰু সাগৰিকা গোস্বামীৰ দৰে সুদক্ষ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।

তদুপৰি পৰাগ প্ৰিয়ম নাথৰ সংগীত, ৰুক্মজিৎ বৰুৱাৰ শব্দ ডিজাইনৰ লগতে অনিমা পাচনীৰ প্ৰডাকচন ডিজাইন তথা ওৱেছিছ তালুকদাৰ সহিতে সুৰুজ ডেকা আৰু বিতুল দাসৰ চিনেমেট’গ্ৰাফীয়ে সমগ্ৰ শৃংখলাটোক জীৱন্ত ৰূপত দাঙি ধৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply