নিউজ ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰেগিং কাণ্ডৰ মূল অভিযুক্ত কল্যাণ দত্তই আজি আৰক্ষীৰ সমূখত আত্মসমৰ্পণ কৰে। অভিযুক্ত কল্যাণে ইয়াৰ পূৰ্বে ছচিয়েল মিডিয়াত এক ভিডিঅ’ যোগে নিজকে নিৰ্দোষ বুলি দাবী কৰিছিল।

আজি সাংবাদিকে কল্যাণ দত্তক আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডৰ সৈতে জড়িত হয় নে নহয় বুলি প্ৰশ্ন কৰাত তেওঁ ৰেগিঙৰ সৈতে জড়িত নহয় বুলি কয়। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ৩০ নবেম্বৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শুভ্ৰজ্যোতি বৰুৱাক। এতিয়ালৈকে ডিব্ৰুগড় আৰক্ষীয়ে ৫জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে, অস্ত্ৰোপচাৰৰ পাছত কিছু সুস্থ হৈছে আনন্দ শৰ্মা। চিকিৎসকৰ সহায়ত বিচনাত বহিব পৰা হৈছে আনন্দ। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply